কাজিৰঙাত মন্ত্ৰীৰ অবৈধ নিৰ্মানৰ বিৰুদ্ধে কলিয়াবৰৰ কাঞ্চনজুৰিত যুৱ ছাত্ৰৰ প্ৰতিবাদ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ জুন: সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদান কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে চলোৱা অবৈধ নিৰ্মাণ কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত মহকুমা সমিতিয়ে ৷ অভিযোগৰ ভিত্তিত চলিত মাহৰ সাত জুন তাৰিখে কাজিৰঙা লাইভত আমি প্ৰকাশ কৰিছিলো অসম চৰকাৰৰ এজন মন্ত্ৰীৰ নেতৃত্বত এনিমেল কৰিডৰ বন্ধ কৰি চলোৱা অবৈধ নিৰ্মাণ কাৰ্যৰ কথা ৷অভিযোগ মতে, মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশত অবৈধ ভাৱে চলোৱা এটা গৃহ আৰু এটা পকী নৰ্দমা নিৰ্মানৰ বাবে আনকি আঁতৰাই পেলোৱা হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা কৰিড’ৰ হিচাপে চিহ্নিত চৰকাৰী এখন ফলক,ভাঙি পেলোৱা হল যাত্ৰীৰ জিৰণি চৰা ৷ আমাৰ বাতৰি সম্প্ৰচাৰৰ পাছতে নগাঁও বন বিভাগে এই অবৈধ নিৰ্মাণ কাৰ্য্য বন্ধ কৰাৰ বাবে এখন জাননী দিয়ে যদিও মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি বৰ্তমানেও ভিতৰত কাম কৰি আছে শ্ৰমিকসকলে ৷ এনিমেল কৰিদৰত মন্ত্ৰীৰ অবৈধ নিৰ্মাণ কাৰ্য্যকলৈ প্ৰতিবাদত উত্তাল হৈ পৰে কলিয়াবৰ মহকুমাৰ কাঞ্চনজুৰি৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত মহকুমা সমিতিয়ে ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি বন্যপ্ৰাণী বিচৰণত বাধাৰ সৃষ্টি কৰি অবৈধ নিৰ্মাণ বন্ধ কৰাৰ ব্যৱস্থা লৱলৈ চৰকাৰক পুনৰ দাৱী জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *