কাজিৰঙাত চোৰাং চিকাৰী আটক কৰাকলৈ নাম কিনাৰ প্ৰতিযোগিতা আৰক্ষী-বন বিভাগৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ জুন: কাজিৰঙাত বন বিভাগে বাহ বাহ লোৱাৰ চেষ্টা কৰিছে নেকি। একেটা বিষয়তে দুখনকৈ সংবাদমেল দিয়াকলৈ প্রশ্ন উদয় হৈছে সচেতন মহলৰ মাজত৷ এটা সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা ৰাজ্যৰ বন বিভাগ এতিয়া নাম কিনাৰ প্ৰতিযোগিতাত নামি পৰিছে নে আৰক্ষীয়ে মিছা মাতিছে। কলিয়াবৰ আৰু কাজিৰঙাত বুধবাৰে একেটা বিষয়ত অনুষ্ঠিত হোৱা দুখন সংবাদ মেলে এই কথা ভাবিবলৈ বাধ্য কৰিছে সকলোকে ৷ উল্লেখ্য যে মঙলবাৰে নিশা এছ টি এফ, নগাঁও আৰু জখলাবন্ধা আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় ৪ টাকৈ চোৰাং চিকাৰি। ধৃত চিকাৰিৰ পৰা ৫ জাঁই ৩০৩ ৰাইফলৰ সাজিব গুলি জব্দ কৰাৰ লগতে অভিযানকাৰী দলটোৱে জব্দ কৰে কেইবাটাও ম’বাইল ফোন। আৰক্ষী বিভাগৰ এই সফলতাৰ পাছত নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়াই বুধবাৰে পুৱাৰ ভাগত সংবাদ মাধ্যমৰ আগত এই কথা সবিস্তাৰে প্ৰকাশ কৰে ৷ আৰক্ষী বিষয়া গৰাকীয়ে কেৱল এছ টি এফ আৰু আৰক্ষীৰ অভিযানতহে চোৰাং চিকাৰী কেইটা কৰায়ত্ত হয় বুলি প্ৰকাশ কৰে ৷ কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে সাংবাদিকৰ আগত এবাৰো উল্লেখ নকৰিলে যে অভিযানৰ সময়ত বন বিভাগৰ সহযোগিতাৰ কথা ৷ একে দিনাই আবেলি বন বিভাগৰ অতিৰিক্ত প্ৰধান মূখ্য বন সংৰক্ষক এম কে যাদৱে কাজিৰঙাত উপস্থিত হৈ বুঢ়াপাহাৰ বনাঞ্চলৰ কঠালচাং বন শিবিৰত অনুষ্ঠিত হোৱা সংবাদমেলত অভিযানত বন বিভাগেও যে সহযোগ কৰিছে সেই কথা প্ৰকাশ কৰিবলৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হল ৷ বনবিভাগৰ আৰু আৰক্ষীয়ে একেটা বিষয়লৈ দুখন সংবাদমেল দিয়ক লৈ সচেতন মহলত প্ৰশ্ন উদয় হৈছে। প্ৰকৃততে কোনে সঁচা কৈছে। যদি আৰক্ষীৰ ভাষ্য সঁচা হয় তেনেহলে বন বিভাগে নাম কিনাৰ চেষ্টা কৰিছে নেকি নে জখলাবন্ধা আৰক্ষীয়ে বন বিভাগ জড়িত থকাৰ পাছতো অভিযানৰ সম্পূৰ্ণ কৃতিত্ব এক মাত্ৰ নিজৰ ওপৰত লবলৈ বিচাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *