বোকাখাতত বান ব্যৱস্থাপনা সম্পৰ্কে দু-দিনীয়া প্ৰশিক্ষণ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ জুন:
অসম চৰকাৰৰ বান ব্যৱস্থাপনা আৰু খহনীয়া অভিকৰণৰ উদ্যোগত আমাৰ প্ৰয়াস গোষ্ঠীৰ সহযোগত বুধবাৰে পুৱতি সাহিত্য সভাৰ ভৱনত ২৫ গৰাকী নিৰ্বাচিত যুৱক যুৱতীক দিয়া দুদিনীয়া প্ৰশিক্ষণৰ সামৰনি পৰে। খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰে উদ্বোধন কৰা সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই অংশগ্রহণ কৰে। “আমাৰ প্ৰয়াস” গোষ্ঠীৰ অধ্যক্ষ আনোৱাৰ হুছেইনে পৰিচালনা কৰা প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে ফেমাৰ লক্ষী বৰঠাকুৰ, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰনী ৰাজকুমাৰ, ফেমাৰ অভিষেক পাল, পল্লবী মুদৈ আৰু পাৰ্থ বৰা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *