কলিয়াবৰ যুৱ কংগ্ৰেছৰ উদ্যোগত চীনৰ ৰাষ্ট্ৰপতি জি. জিংপিংৰ প্ৰতিকৃতি দাহ।

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৭ জুন: বিগত কেইবাসপ্তাহ ধৰি ভাৰত-চীন সীমান্তত চলি থকা সীমা বিবাদ তথা সংঘাতৰ পৰিণতিত ভাৰতীয় সেনাৰ কৰ্ণেল পৰ্যায়ৰ বিষয়া সহ নিহত ২০ গৰাকী সেনা জোৱানৰ ঘটনাৰ বাবে চীনা ৰাষ্ট্ৰপতি জি. জিংপিং ক জগৰীয়া কৰি আজি কলিয়াবৰ যুৱ কংগ্ৰেছৰ উদ্যোগত কুঁৱৰীটোলত জি. জিংপিংৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী পালন কৰে। যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক তথা জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰে। কলিয়াবৰৰ কুঁৱৰীটোল বকুলতলত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSUI ধৰি ভাতৃ সংগঠনৰ বিষয়ববীয়া আৰু সদস্য সকলো উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *