কলিয়াবৰত কৰ্ণেল সহ নিহত ২০ ভাৰতীয় সেনালৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ জুন : বিগত কেইবাসপ্তাহ ধৰি ভাৰত-চীন সীমান্তত চলি থকা সীমা বিবাদ তথা সংঘাতৰ পৰিনতিত ভাৰতীয় সেনাৰ কৰ্ণেল পৰ্যায়ৰ বিষয়া সহ নিহত ২০ গৰাকী সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনায় কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক তথা জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। কলিয়াবৰৰ কুঁৱৰীটোল বকুলতলত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSUI ধৰি ভাতৃ সংগঠনৰ বিষয়ববীয়া আৰু সদস্য সকলে আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন বীৰ শ্বহীদ সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *