কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰা চাৰি চোৰাং চিকাৰী আটক

কাজিৰঙা লাইভ, কলিয়াবৰ, ১৭ জুন: চোৰাং চিকাৰীৰ বিৰোদ্ধে নগাঁও আৰক্ষী আৰু এচ টি এফৰ যুটীয়া অভিযান ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু এচ টি এফে মঙলবাৰে নিশা চলোৱা অভিযানত অভিযান কাৰী দলটোৱে চাৰিটা সন্দেহ যুক্ত চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন সন্দেযুক্ত চোৰাং চিকাৰীৰ পৰা ৩০৩ ৰাইফলৰ ৫ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে অভিযান কাৰী দলটোৱে ৷ জখলাবন্ধা আৰক্ষী থানাত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াই এক সংবাদ মেল যোগে এই কথা সদৰি কৰে ৷ আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰা মতে অাটকাধীন লোক কেইজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ পৰিকল্পনা কৰিছিল ৷ আটকাধীন সন্দেহযুক্ত চোৰাং চিকাৰী কেইটা ক্ৰমে কাৰ্বিআংলং জিলাৰ হাওৰাঘাট থানা এলেকাৰ কাংবুঢ়া টকবি (২৭) আৰু হেমাৰাই ইংটি (৪২), আন দুটা নগাঁও জিলাৰ কামপুৰ থানা এলেকাধীন কাৱৈমাৰিৰ জমিৰ আলি(৩৭) আৰু জখলাবন্ধা থানা এলেকাধীন কুঠৰী ৰজাআলি গাঁৱৰ ৰচিদ আলি (ওৰফে বাবুল)(৩৬) ৷ বাবুল আলিৰ পৰাই ৫ জাঁই গুলী উদ্ধাৰ কৰে অভিযান কাৰী দলে ৷ সম্প্ৰতি জখলাবন্ধা আৰক্ষীৰ জিন্মাত অভিযুক্ত ৪ চোৰাং চিকাৰী। উল্লেখযোগ্য যে আটকাধীন বাবুল আলি আৰু জমিৰ আলিয়ে পূৰ্বতে আৰক্ষী আৰু এচ টি এফৰ হৈ কাম কৰি আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *