অসম চৰকাৰৰ শীৰ্ষ বিষয়াৰ পৰিয়াল সহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলাস ভ্ৰমন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ জুন: লকডাউনৰ মাজতে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব M.S Manivannan ৰ পৰিয়াল সহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলাস ভ্ৰমন ৷ চৰকাৰী কাৰ্যসূচী লৈ কাজিৰঙালৈ অহা চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া গৰাকীৰ এনে কাণ্ডই কাজিৰঙাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷দেউবাৰে অসম চৰকাৰৰ শীৰ্ষ পদস্থ বিষয়া গৰাকীয়ে পৰিয়াল সহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে বানৰ সময়ত কাজিৰঙাৰ বন্য প্ৰাণীৰ নিৰাপত্তাৰ দিশ পৰ্যবেক্ষণ কৰাৰ বাবে তেঁও কাজিৰঙালৈ আহিছে ৷যিহেতু পূৰ্বতে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু বন্যপ্ৰাণীৰ বানত পৰি মৃত্যু হৈছে ,গতিকে ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজলৈ দুৰ্যোগ প্ৰশমন বিভাগৰ জৰিয়তে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা হ’ব ৷৷ইয়াৰ বাবে বন বিভাগ আৰু প্ৰশাসনৰ লগত আলোচনাৰ মাধ্যমেৰে প্ৰদক্ষেপ গ্ৰহন কৰা হ’ব বুলি তেঁও প্ৰকাশ কৰে ৷কিন্তু তেওঁৰ লগত গাড়ীত কোন আছিল বুলি সাংবাদিক সুধা প্ৰশ্নতহে মাত হৰিল বিষয়া গৰাকীৰ ৷উল্লেখ্য পৰ্যটনৰ সময়ত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ একাংশ আমোলা বিষয়াই চৰকাৰী কাৰ্যসূচী লৈ পৰিয়াল সহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহাতো নতুন কথা নহয় ৷কিন্তু কৰোনা ভাইৰাছৰ সংক্ৰমন ৰোধ কৰাৰ বাবে যোৱা ১৭ মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ পাছতো চৰকাৰী কাৰ্যসূচী লৈ কাজিৰঙালৈ অহা এগৰাকী বিষয়াই পৰিয়ালৰ লোক লগত লৈ ৰাষ্ট্ৰীয় উদ্যান পৰ্যবেক্ষন কৰাৰ বিষয়টোৱে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷আনহাতে এই বিষয়ত উচিৎ তদন্তৰ বাবে চৰকাৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিয়ে দাবী জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *