দেশৰ সেনা বাহিনীত বোকাখাতৰ যুৱকৰ সাফল্য ৷

লেফটেনেণ্ট পদত নিযুক্তি লাভ আকাশ শ্ৰাৱণ ঘোষৰ

পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা লাইভ, ১৫ জুন: দেশমাতৃৰ সেৱাৰ বাবে ভাৰতৰ সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিয়োজিত হৈছে বোকাখাতৰ ২২ বছৰীয়া যুৱক ৷ লেফটেনেণ্ট পদৰ দৰে এটা সন্মানিত পদত অধিস্থিত হৈ বোকাখাতৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই যুৱকজন হৈছে বোকাখাত টাউন হাইস্কুলৰ শিক্ষক শ্ৰী সুনীল কুমাৰ ঘোষ আৰু শ্ৰীমতী জয়া ঘোষৰ জেষ্ঠ পুত্ৰ ৷ বোকাখাতৰ সুযোগ্য আকাশ শ্ৰাৱণ ঘোষে অতি কম বয়সতে ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ বোকাখাতবাসী ৰাইজ ৷বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলত শিক্ষাজীৱনৰ আৰম্ভণি কৰা আকাশে সেই স্কুলত সপ্তমমান শ্ৰেণীলৈকে পঢ়ি পৰৱৰ্তী সময়ত ডেৰাদুনত ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ (RIMC) ৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ বাবে সংৰক্ষিত একমাত্ৰ আসনখন দখল কৰি ২০১১ চনত অষ্টম শ্ৰেণীত নামভৰ্তি কৰি ২০১৬ চনত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উক্ত কলেজৰ পৰা যোগ্যতাৰ ভিত্তিত SWORD OF HONOUR সন্মানেৰে শ্ৰেষ্ঠ কেডেট হিচাবে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ পুণে চহৰত অৱস্থিত অতি সন্মানজনক শিক্ষানুষ্ঠান নেশ্যনেল ডিফেন্স একাডেমীত (NDA) নামভৰ্তিৰ সুযোগ লাভ কৰে ৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় মিলিটাৰী একাডেমীত (IMA) এটা এবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰাৰ অন্তত লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰে আকাশ শ্ৰাৱণ ঘোষে ৷ সৰুৰেপৰা মেধাৱী আৰু নিয়মানুবৰ্তিতা মানি চলি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা আকাশৰ গৌৰৱান্বিত পিতৃ- মাতৃয়ে আকাশক দেশ মাতৃৰ সেৱাত ব্ৰতী হবলৈ আহ্বান জনোৱাৰ লগতে আকাশৰ জীৱনৰ সকলো শিক্ষাগুৰু আৰু শুভাকাংক্ষী সকলক কৃতজ্ঞতা জনায় ৷ উল্লেখযোগ্য যে, আকাশৰ একমাত্ৰ ভাতৃ অমন বিশাল ঘোষও বৰ্তমান ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ ছাত্ৰ হিচাপে অধ্যয়নৰত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *