কলিয়াবৰৰ কুঠৰীত পথৰ দুৰবস্থাৰ বাস্তৱ ছবি

পথৰ উন্নতি হলেহে ৰাইজৰ উন্নতি হব কিন্তু এককাল বোকা পাৰ হৈ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ কিদৰে যাব

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ,১৫ জুন: কাজিৰঙাৰ কুঠৰীৰ এটা পথে জিয়াতু ভোগাইছে স্থানীয় ৰাইজক ৷কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় পথ সংযোগী ৰাণী আলি নামৰ পথটো এতিয়া পৰ্যবসিত হৈছে পথাৰলৈ । গতিকে পথতটোৰ ওপৰত কঠিয়া সিচিঁ,ধান ৰুই প্ৰতিবাদ সাৰ্ব্যস্ত কৰিলে গাঁও বাসীয়ে ৷গাঁও বাসীৰ অভিযোগ পথটোৰে বিপদসংকুল ভাৱে যাতায়ত কৰিবলগীয়া হয় গাওঁখনত থকা প্ৰায় নব্বৈ টা পৰিয়ালে ৷ পথটোৰ দুৰবস্থাৰ বাবে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হোৱাৰ লগতে গৰ্ভৱতী মহিলা তথা ৰোগীৰ বাবে অধিক কষ্টকৰ হৈ পৰিছে ৷স্থানীয় ৰাইজৰ মতে অসমৰ ভিতৰত এনে পথ কেৱল এইটোৱেই ৷কাষতে থকা পঞ্চায়তে আজিকোপতি কোনো গুৰুত্ব দিয়া নাই স্থানীয় ৰাইজৰ সমস্যাৰ লগতে পথটোৰ দুৰবস্থাৰ কথা ৷ পথছোৱাত কঠিয়া সিঁচি,ধান ৰুই প্ৰতিবাদ সাব্যস্ত কৰি অতি সোনকালে পথছোৱাৰ মেৰামতিৰ দাবী জনালে স্থানীয় ৰাইজে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *