হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক শুভেচ্ছা গৌৰৱ গগৈৰ

কেৱল কংগ্ৰেছৰ দেহতহে কৰোনা বিয়পে- গৌৰৱ গগৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ জুন:
যদি বৰ্তমান কংগ্ৰেছ চৰকাৰ থাকিলে হেতেন তেনেহ’লে ঘটনাৰ দুই এদিনৰ ভিতৰতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীক বাঘ জানলৈ অনাৰ ব্যৱস্থা কৰিলে হেতেন ৷বাঘজানৰ ঘটনাৰ পাছত পলমকৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বাঘজানলৈ অহাৰ সন্দৰ্ভত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনাবলৈ আহি কাজিৰঙাত এই কথা প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে তেঁও বাঘজানৰ ঘটনাৰ পাছত দুবাৰকৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ পাছতো গুৰুত্ব প্ৰদান নকৰিলে ৷ৰাজ্য চৰকাৰক নিৰ্দয় আখ্যা দি সাংসদ গগৈয়ে মন্তব্য কৰে যে বাঘজানৰ ঘটনাৰ ভুক্তভোগী সকলক ৰাজ্য চৰকাৰে একলাখ টকাৰ সাহাৰ্য্য প্ৰদান কৰিব লাগিছিল ৷আনহাতে লকডাউনৰ সময়ত ছাত্ৰছাত্ৰীয়ে অনলাইন পাঠ গ্ৰহনৰ কথা ৰাজ্য চৰকাৰে কৈছে যদিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক সময় মতে লেপটপ দিয়াতো ব্যৰ্থ হৈছে চৰকাৰ ৷কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা আঁচনি আগবঢ়াই নিয়াত বৰ্তমান চৰকাৰৰ বিফলতাই দুখীয়া ছাত্ৰছাত্ৰীক অনলাইন পাঠ গ্ৰহনত বাধাৰ সৃষ্টি কৰিছে ৷ইফালে, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে কোৱাৰেণ্টাইন নীতি উলংঘা কৰাৰ সন্দৰ্ভত সাংসদ গগৈৰ মন্ত্যব্য যে, কেৱল কংগ্ৰেছৰ গালৈ হে কৰণা আহে নেকি। উল্লেখ্য যে দেউবাৰে সাংসদ গৌৰৱ গগৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কাজিৰঙাৰ ছাত্ৰছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে মত বিনিময় মত বিনিময় কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *