কলিয়াবৰৰ কুঠৰীত ড্ৰাগছ মাফিয়াৰ হাতোৰা

ড্ৰাগছভৰ্তি আঠটা কণ্টেনাৰ সহ দুজনক আটক বাগৰি আৰক্ষীৰ

নিউজ ডেস্ক ৰিপৰ্ট, কাজিৰঙা লাইভ, ১৪ জুন :
শনিবাৰে নিশা কলিয়াবৰ মহকুমাৰ কাজিৰঙাৰ কুঠৰীত নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ সন্দেহত দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷কুঠৰীৰ এখন দোকানৰ আগফালে ৰৈ থকা অৱস্থাত স্থানীয় একাংশ যুৱকৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে ৷আৰক্ষী উপস্থিত হৈ যুৱক দুজনক তালাচী চলোৱাত আঠটা ড্ৰাগছ কণ্টেনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷আৰক্ষীয়ে উদ্ধাৰ কৰা কন্টেনাৰত ড্ৰাগছ থকাটো নিশ্চিত কৰিছে ৷আটকাধীন দুয়োজন যুৱকক বাগৰি আৰক্ষী চকীত আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে ৷ যুৱকদুজন চামগুৰিৰ বৰ’মাৰ দুলাল ইছলাম আৰু আছাদুৰ ৰহমান ৷

Leave a Reply

Your email address will not be published. Required fields are marked *