কাজিৰঙাৰ কাষৰীয় গাওঁ আৰু চাপৰিৰ গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা মাহ জোৰা অভিযানৰ বিশেষ সামৰণী অনুষ্ঠান :

কাজিৰঙা লাইভ, বোকাখাত, ১৩ জুন : মে‘ মাহৰ প্ৰথমটো দিনৰ পৰা আৰম্ভ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ পশু ধনৰ প্ৰতিষেধক প্ৰদানৰ কাম আনুষ্ঠানিক ভাৱে অন্ত পৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত প্ৰতি বছৰে চলোৱা এই প্ৰতিষেক প্ৰদান অভিযানত ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত প্ৰকৃতি সংগঠন আৰণ্যক , বিশ্ব প্ৰকৃতি নিধি , কৰবেট ফাউণ্ডেচন , ভূমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্টে সহযোগিতা আগবঢ়ায় ৷ মাহজোৰা এই পোহনীয়া গৰু ম’হৰ প্ৰতিষেধক প্ৰদানৰ জড়িয়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিন পাৰৰ প্ৰায় ১২ হেজাৰৰো অধিক গৰু ম’হক প্ৰতিষেধ প্ৰদান কৰা হয় ৷ ২০২০ চনৰ বাবে কৰা এই অভিযানৰ শনিবাৰে সমাৰণী অনুষ্ঠান ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰাত থকা শত বৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ , পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, সহকাৰী বন সংৰক্ষক ঋৃতু পৱন বৰা , গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নৱীন পাণ্ডে , বিশ্ব প্ৰকৃতি নিধিৰ ডা৹ পৰীক্ষিত কাকতি , আৰণ্যকৰ আৰিফ হুছেইন , বনাঞ্চলিক বিষয়া চেলিম আহমেদ , পঙ্কজ বৰা আৰু বিদ্যুত বিকাশ বৰাৰ লগতে কলিয়াবৰ আৰু বোকাখাত মহকুমাৰ পশু চিকিৎসক , ক্ষেত্ৰ সহায়ক , গোপাল মিত্ৰ , মৈত্ৰী কৰ্মী আৰু স্বেচ্চাসেৱক সকল উপস্থিত থাকে ৷ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত কাজিৰঙাৰ কাষৰীয় গাওঁৰ লগতে ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু ম’হৰ প্ৰতিষেধক প্ৰদানৰ অভিজ্ঞতা আৰু বিভিন্ন পৰামৰ্শ আগবঢ়ায় উপস্থিত পশু চিকিৎসক আৰু ক্ষেত্ৰ সহায়ক সকলে ৷ অনুষ্ঠানত সকলোৰে উদেশ্যি দিয়া নিজৰ ভাষণ প্ৰসংগত সঞ্চালক পি শিৱকুমাৰে ইমান বৃহৎ সংখ্যক প্ৰতিষেধক প্ৰদান কৰাৰ বাবে সকলোকে ধন্যবাদ জনায় এই অভিযানৰ সঠিক মুল্যায়ন , প্ৰচাৰ আৰু প্ৰতিবেন প্ৰকাশ কৰাৰ গুৰুত্বৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ কাজিৰঙাৰ এই প্ৰতিষেধক প্ৰদান অভিযানে বন্যপ্ৰাণীকেই নহয় কাষৰীয় জনসাধাৰণকো উপকৃত কৰা বুলিও তেওঁ মন্তব্য কৰে ৷ প্ৰতিষেধক প্ৰদানৰ সফল সম্পাদনৰ বাবে ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ সকলোৰে এনে নি:স্বাৰ্থ সেৱা কেৱল কাজিৰঙাতেই দেখিবলৈ পোৱা যায় বুলি বিষয়া জনে মন্তব্য কৰে ৷ অনুষ্ঠানতে প্ৰতিষেধক প্ৰদান অভিযানত অংশ গ্ৰহন কৰা প্ৰতিজনকে একোখনকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *