দুলীয়াজানৰ পৰা আহি কাজিৰঙাত মাফিয়া কাইদাৰে মাটি দখলৰ চেষ্টা। কাজিৰঙাত চাঞ্চল্য।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ জুন: পৰ্যটন ক্ষেত্ৰ কাজিৰঙাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাংশ লোকৰ চলিছে ৰিজৰ্ট বনোৱাৰ প্ৰতিযোগিতা ৷ ইয়াৰ মাজতে কোনোৱে কাজিৰঙাৰ সাধাৰণ লোকক ভয় ভাবুকিৰে মাটি দখলৰ চেষ্টাটো নামি পৰিছে ৷ শেহতীয়াকৈ দুলীয়াজানৰ কেইজনমান লোকৰ বিৰোদ্ধে ভয় ভাবুকিৰে মাটি দখল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷কাজিৰঙাৰ হালোৱা এন চি গাঁৱৰ কেইগৰাকীমান লোকে কৰা কৰা অভিযোগ মতে দুলীয়াজানৰ দুজন অচিনাক্ত লোকে কিছু দিন ধৰি মোবাইল ফ’ন যোগে হালোৱা এন চিৰ কৌশৱ বৰা নামৰ যুৱক জনক ভাবুকি দিয়াৰ লগতে কৌশৱ বৰা আৰু তেওঁৰ পৰিয়ালৰ লোকৰ দখলত থকা এডোখৰ ভূমি তেঁওলোকক চমজাই দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে ৷শনিবাৰে ভাবুকি দি থকা লোক জনে লগত আন পাঁচজন লোক লগত লৈ কৌশৱৰ ঘৰত উপস্থিত হৈ মাফিয়া ধঙত দাবী ধমকি দি থকা অৱস্থাত সাংবাদিক উপস্থিত হোৱাত লোক কেইজন পলায়ন কৰে ৷কৌশৱ বৰাই কৰা অভিযোগ মতে তেওঁলোকৰ দখলত থকা এডোখৰ ভূমি বিক্ৰি কৰাৰ চুক্তিত ২০০৯ চনতে তেওঁলোকৰ পৰা কৌশৱ বৰা আৰু তেওঁৰ পৰিয়ালে আগধন লোৱা বুলি মিছা অভিযোগ আনিছে দুলীয়াজানৰ লোক কেইজনে ৷ ভূমি বিক্ৰিৰ আগধন লোৱাৰ এখন দলিল দেখুৱাইয়ো তেওঁলোকে ভাবুকি প্ৰদান কৰিছে যে কৌশৱ আৰু তেওঁৰ পৰিয়ালে আগধন লৈছে ৷ কৌশৱৰ মতে এই সন্দৰ্ভত তেওঁ তথা তেওঁৰ পৰিয়ালে কোনো আগধন লোৱা নাই বা দলিলত স্বাক্ষৰ কৰা নাই ৷ এনে ক্ষেত্ৰত কাজিৰঙাত সাধাৰণ দিন হাজিৰা কৰা লোকৰ ভূমি দখলৰ বাবে চলোৱা এনে মাফিয়া ৰাজে কাজিৰঙাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *