ঘুৰাই লোৱা হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অযোগ্য হিতাধিকাৰীয়ে লাভ কৰা ধন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩১ মে’: সমগ্ৰ বিশ্বৰ লগতে অসমকো কভিড১৯ ৰ ভয়াবহতাই গ্ৰাস কৰাৰ সময়তে অসমৰ কৃষক সকলক আৰ্থিকভাৱে কিছু পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৷ এই আচঁনিত কিছু সংখ্যক অযোগ্য হিতাধিকাৰীয়ে লাভ কৰা ধনক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত এই আঁচনি ৰূপায়ণত যথেষ্ট বাধাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত যিসকল অযোগ্য হিতাধিকাৰীয়ে এই ধন লাভ কৰিছিল সেইসকলৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন সমূহ ঘূৰাই লোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি কাজিৰঙাত উপস্থিত হৈ এই মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷লগতে ইতিমধ্যে প্ৰায় ১৯ লাখ টকা অযোগ্য হিতাধিকাৰী সকলৰ পৰা সংগ্ৰহ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত চৰম বিসংগতিৰ সৃষ্টি হোৱাৰ বিষয়ে উল্লেখ কৰি কৃষিমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰস্তুত কৰা হিতাধিকাৰীৰ তালিকা দেশৰ কোনো কোনো ঠাইত পাঁচ শতাংশ পুনৰ নিৰীক্ষণৰ নিৰ্দেশ দিয়া হৈছে যদিও অসমত এশ শতাংশই পুনৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু এই সমগ্ৰ বিষয়টো অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত তদন্ত কৰি থকা হৈছে ৷মন্ত্ৰী বৰাই লগতে মন্তব্য কৰে যে এই আঁচনিত অৰ্ন্তভূক্ত হোৱা অযোগ্য হিতাধিকাৰী বেছি সংখ্যকেই এই পৰ্যন্ত তেওঁলোকৰ ধন সংগ্ৰহ কৰিব পৰা নাই ৷কাৰণ আগতীয়াকৈ কৰা অনুসন্ধানত দৃষ্টিগোচৰ হোৱা প্ৰায় ১৪ লাখ অযোগ্য হিতাধিকাৰীৰ বেংক একাউণ্ট সমূহ ইতিমধ্যেই বন্ধ কৰি দিয়া হৈছে ৷গতিকে তালিকাত তেওঁলোকৰ নাম সন্নিৱিষ্ট থাকিলেও তেওঁলোকে ধন লাভ কৰিবলৈ সক্ষম নহয় ৷ আনহাতে,সাম্প্ৰতিক সময়ত লকডাউন আৰু বানৰ দু:সময়ৰ মাজতে জাগীৰোডৰ কঠালগুৰিৰ মুকুতা কেলেং নামৰ এজন ২২ বছৰীয়া যুৱকে খেতিৰ নামত লোৱা ধন পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দৰ্ভত সাংবাদিককে সোধা প্ৰশ্নৰ পৰা ফালৰি কাটি কৃষিমন্ত্ৰী অতুল বৰাই কয় সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশৰ পাছতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ দিয়া হৈছে ৷চৰকাৰে কৃষি খণ্ডত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে ৷ ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিবলৈ হলে কৃষিখণ্ডৰ বাহিৰে বিকল্প নাই ৷বাহিৰৰ পৰা অহা শ্ৰমিকসকলক কৃষিখণ্ডত নিয়োজিত কৰাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হব ৷ লকডাউনৰ সময়ছোৱাত তিনিশ সাতাৱন্ন কোটি টকাৰ শাক-পাছলি,ফল মূল বিক্ৰী কৰিব পাৰিছো বুলি মত প্ৰকাশ কৃষিমন্ত্ৰী বৰাৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *