বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ সহ বাহন।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ মে’: সমগ্ৰ দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লকডাউন বলবৎ হৈ থকাৰ সময়তে নগাঁও জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বনজ সম্পদৰ চোৰাং বেহা।মহামাৰী কৰ’ণাৰ আতংকৰ গ্ৰাসত জনজীৱন স্তব্ধ হোৱাৰ সমান্তৰালভাৱে জনসাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ চূড়ান্ত অনিশ্চয়তাৰ মাজতো স্তব্ধ হোৱা নাই চোৰাং বেহা ৷ পৃথিৱীৰ এই দুঃসময়তেই বুধবাৰে নিশা শালনা বনাঞ্চলিক বিষয়া নেপাল চন্দ্ৰ মণ্ডলৰ নেতৃত্বত জখলাবন্ধা বন বিভাগে জব্দ কৰে চোৰাংকাঠ ভৰ্তি এখন টাটা ডি আই গাড়ী। নগাওঁ-কাৰ্বিআংলং সীমান্তৱৰ্তী ওপৰগাৱঁৰ পৰা নিশা সৰবৰাহ কৰা বাহন খনৰ পঞ্জীয়ন নম্বৰ As 03 Ac – 1026. উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে বনবিভাগৰ শালনাস্থিত উত্তৰাঞ্চলৰ বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত জব্দ হৈছে কেইবা লক্ষাধিক টকাৰ অবৈধ কাঠভৰ্তি সাতখনকৈ বাহন।বৰজুৰি ,কাহনবস্তি এলেকাৰ পৰাও বনবিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ আৰু লগতে কেবাটাও অবৈধ কাঠফলা মিল জব্দ কৰি চোৰাং বনজ সম্পদৰ ব্যৱসায়ৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান।মহামাৰী কৰ’ণাই দেশৰ অৰ্থনীতিক বাৰুকৈয়ে জুৰুলা কৰাৰ লগতে দেশত সৃষ্টি হোৱা এনে জৰুৰীকালীন পৰিস্থিতিতো এনে চোৰাং বেহা অব্যাহত থকাত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন মহলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *