আজি দিনৰ ভাগত উজনিত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ প্ৰতিবেদন :

উত্তম শইকীয়া, বোকাখাত, ২৮ মে’ : আজি দিনৰ ভাগত অৰুনাচল আৰু উজনি অসমৰ প্ৰায়বোৰ স্থানতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পাইছে ৷ কেন্দ্ৰীয় জল আয়োগৰ পৰা আজি বিয়লি ৪ বজাত পোৱা তথ্যমতে পাচিঘাট , ডিব্ৰুগড় , নিমাতীঘাট আৰু ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুত হাৰত হ্ৰাস পাইছে ৷ বিশেষকৈ আজি দিনৰ ভাগত নিমাতীঘাটত জলপৃষ্ঠ ০.৪৯ মিটাৰ হ্ৰাস পাইছে ৷
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পাইছে যদিও আজি পুৱাৰে পৰাই গোলাঘাটত ধনশিৰি নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে ৷ আজি পুৱাৰে পৰা গোলাঘাটত ধনশিৰি নদীৰ জলপৃষ্ঠ ১.৪৯ মিটাৰ বৃদ্ধি পাইছে ৷ যাৰবাবে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ প্ৰৱল সম্ভাৱনা আছে ৷
ইফালে আজি দিনৰ ভাগত বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.৭৮ মিটাৰ হ্ৰাস পাইছে আৰু জলপৃষ্ঠ নিম্নগামী হৈ আছে ৷ সম্প্ৰতি ধনশিৰিমুখত বিপদ সীমাৰ তলতলৈ নামিল ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ অহা ১২ ঘন্টাত পানী বঢ়াৰ কোনো সম্ভাৱনা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *