আজি পুবা উজনি অসমত ব্ৰহ্মপুত্ৰ নদী জলপৃষ্ঠৰ প্ৰতিবেদন :

উত্তম শইকীয়া, বোকাখাত, ২৮ মে’ : যোৱা ২৭ মে’ৰ পৰা উজনিৰ অৰুণাচল প্ৰদেশৰ ইংকিয়ং, বলেং আৰু পাচিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ ফলত নামনিৰ বিভিন্ন স্থানত জলপৃষ্ঠ হ্ৰাস পাইছে ৷ কেন্দ্ৰীয় জল আয়োগৰ আজি পুৱা ৮ বজাৰ তথ্য মতে

ডিব্ৰগড় :
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যোৱা নিশাতকৈ০.৮৯ মিটাৰ হ্ৰাস পাইছে ৷ সম্প্ৰতি ডিব্ৰগড়ত জলপৃষ্ঠ সংকেত সীমাৰ ০.৮৮ মিটাৰ তললৈ নামিছে আৰু পানী কমি আছে ৷ অহা ১২ ঘন্টাত পানী আৰু কমাৰ সম্ভাৱনা ৷ নিমাতীঘাট :
আজি পুৱা ৮ বজাৰ তথ্য মতে নিশাতকৈ নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.০৭ মিটাৰ হ্ৰাস পাইছে ৷ জলপৃষ্ঠ বৰ্তমান বিপদসীমাৰে বৈ আছে যদিও অহা ১২ ঘন্টা জলপৃষ্ঠ হ্ৰাস হৈ বিপদসীমাৰ তললৈ যোৱাৰ সম্ভাৱনা ৷

ধনশিৰিমুখ :
যোৱা নিশাতোত ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিপদসীমা ০.১৩ মিটাৰ ওপৰতে স্থিৰ হৈ আছে ৷ অহা ১২ ঘন্টাত ধনশিৰি মুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পাব ৷

নুমলীগড় :

ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ লগে লগে নুমলীগড়ত হ্ৰাস পাইছে ৷ মিশাৰ ভিতৰত জলপৃষ্ঠ ০.০৮ মিটাৰ কমিছে যদিও গোলাঘাটত ধনশিৰি নদী নিশা ০.৩২ মিটাৰ বৃদ্ধি পোৱাৰ বাবে নুমলীগড়তো ধনশিৰিৰ জলপৃষ্ঠ ঈৰ্ষৎ বৃদ্ধি পাব পাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *