আজি বিয়লি বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ সাম্প্ৰতিক স্থিতি :

উত্তম শইকীয়া, বোকাখাত, ২৭ মে’: অৰুনাচলত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ যথেষ্ট হ্ৰাস পোৱাৰ বাবে নামনিত অসমৰ বিভিন্ন স্থানত নিম্ন গামী হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ আজি পুৱাৰে পৰা উজনিত অৰুণাচলৰ ইংকিয়ংত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.২৭ মিটাৰ আৰু পাচিঘাটত ০.২২ মিটাৰ হ্ৰাস পাইছে ৷ যাৰ বাবে আগত দিনত অসমৰ বিভিন্ন স্থানত জলপৃষ্ঠ কমাৰ সম্ভাৱনা ৷
ডিব্ৰুগড়ত :
আজি বিয়লি কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.১৯ মিটাৰ হ্ৰাস পাইছে আৰু পানী কমি আছে ৷
নিমাতীঘাটত :
আজি দিনৰ ভাগত নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃ্ষ্ঠ স্থিৰ হৈছে ৷ অহা ১২ ঘন্টাত নিমাতীঘাটত জলপৃষ্ঠ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷
ধনশিৰিমুখ :
ডিব্ৰুগড় আৰু পাচিঘাটত পানী কমিলেও বোকাখাতত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছে আৰু ধীৰ গতিত পানী বাঢ়ি আছে ৷ বিয়লি জলপৃষ্ঠ বিপদসীমাৰ ০.১৩ মিটাৰ ওপৰত আছে ৷ অহা ১২ ঘন্টাত ধনশিৰিমুখত জলপৃষ্ঠ স্থবিৰ হৈ কমিবলৈ লোৱাৰ সম্ভাৱনা আছে ৷
নুমলীগড়ত :
আজি পুৱাৰে পৰা বিয়লিলৈকে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ ০.১৮ মিটাৰ বৃদ্ধি পাইছে আৰু ধীৰ গতিত পানী বাঢ়ি আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *