কেন্দ্ৰীয় জল আয়োগৰ তথ্যৰ আধাৰত আজি পুৱা উজনিত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ প্ৰতিবেদন :

উত্তম শইকীয়া, বোকাখাত, ২৭ মে’ : যোৱা নিশাৰে পৰা অৰুনাচলৰ ইংকিয়ং , ব’লেং আৰু পাচিঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হৈছে ৷ আজিপুৱাৰ তথ্য মতে নিশাৰ ভিতৰত পাচিঘাটত জলপৃষ্ঠ ০.৪৫ মিটাৰ হ্ৰাস পাইছে ৷ ইয়াৰ বাবে নামনিৰ সকলোবোৰ স্থানতে পানী কমাৰ আৰু স্হবিৰ হোৱাৰ সম্ভাৱনা ৷
ডিব্ৰগড়ত :
যোৱা নিশাৰ ভিতৰত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ০১১ মিটাৰ হ্ৰাস পাইছে আৰু পানী কমাৰ সম্ভাৱনা আছে ৷
নিমাতীঘাটত :
নিশাৰ ভাগত জলপৃষ্ঠ ০১২ মিটাৰ বৃদ্ধি পাইছে যদিও আজি নিশালৈ পানী কমাৰ সম্ভাৱনা আছে ৷
ধনশিৰিমুখ :
উজনিত পানী কমিছে যদিও আজি দিনৰ ভাগত ধনশিৰিমুখত জলপৃষ্ঠ ধীৰ গতিত বাঢ়ি থাকিব ৷ যোৱা নিশা ধনশিৰিমুখত জলপৃষ্ঠ ০.৫৩ মিটাৰ বৃদ্ধি পাইছে ৷ সম্প্ৰতি ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা স্পৰ্শ কৰিছে আৰু পানী বাঢ়ি আছে ৷ নিশালৈ ধনশিৰিমুখত পানী স্থবিৰ হোৱাৰ সম্ভাৱনা আছে ৷ উজনিত পানী হাৰাস হোৱাৰ বাবে নামনিত প্ৰতিটো স্থানতে পানী কমাৰহে সম্ভাৱনা আছে ৷
আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত হোৱাৰ সম্ভাৱনা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *