কেন্দ্ৰীয় জল আয়োগৰ তথ্যৰ আধাৰত আজি বিয়লি উজনিত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ প্ৰতিবেদন :

উত্তম শইকীয়া, বোকাখাত, ২৬ মে’ ২০২০ : কেন্দ্ৰীয় জল আয়োগৰ বিয়লি প্ৰকাশিত তথ্য মতে অৰুণাচলৰ ইংকিয়ং আৰু পাচিঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়ি আছে যদিও ব’লেং নামৰ স্থানত জলপৃষ্ঠ কিছু পৰিমানে হ্ৰাস পাইছে ৷ ইয়াৰ বিপৰীতে ….
ডিব্ৰুগড়ত :
আজি দিনৰ ভাগত ডিব্ৰগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.১৩ মিটাৰ হ্ৰাস পাইছে ৷ নিশালৈ পানী বঢ়াৰ সম্ভাৱনা আছে ৷
নিমাতীঘাট :
নিমাতীঘাটত আজি দিনৰ ভাগত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.২৫ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ সম্প্ৰতি নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ০.৯৭ মিটাৰ ওপৰেদি বৈ আছে ৷
ধনশিৰিমুখ :
দিনৰ ভাগত ধনশিৰিমুখত জলপৃষ্ঠ ০০১ মিটাৰ বৃদ্ধি পাইছে আৰু জলপৃষ্ঠ সংকেত সীমাৰ ০.৪৬ ওপৰেদি বৈ আছে ৷ পানী ক্ৰমাত বাঢ়ি আছে ৷
নুমলীগড় :
ইফালে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ ০.৬৭ মিটাৰ হ্ৰাস পাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *