বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ মে’: সাম্ভাৱ্য বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । ব্যস্ততা বাঢ়িছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীৰো ৷ বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যান খনত বনকৰ্মীৰ কৰ্তব্যৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে ৩০০ খন হাত নাঁও আৰু ১৮ খন মেচিন নাঁও ৷ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত তিনিটা বন সংমণ্ডলৰ প্ৰত্যেকতে ১০০ খন হাত নাঁও দিয়াৰ ব্যৱস্থা লৈছে উদ্যান কৰ্তৃপক্ষই ৷ তাৰবাবে নতুন নাঁও বনাই থকা হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, বানৰ সময়ত বন্যপ্ৰাণীয়ে নিৰাপদে আশ্ৰয় ল’ব পৰাকৈ ৰাষ্ট্ৰীয় উদ্যানৰ হাইলেণ্ড সমূহ বৰ্তমান উপযুক্ত অৱস্থাত আছে ৷ আনহাতে বানৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিনৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি আংলঙৰ পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীৰ বাবে ৰাষ্ট্ৰীয় পথত নিৰাপত্তাৰ বাবে আৰক্ষী বিভাগে সহযোগ আগবঢ়াব ৷ তদুপৰি ৰাজ্যৰ আন বনাঞ্চলৰ বনকৰ্মীকো বানৰ সময়ত অস্থায়ী ভাৱে কাজিৰঙাত নিয়োগ কৰা হ’ব বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *