বানৰ আশংকাত কাজিৰঙাত ১৪৪ ধৰা জাৰি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ মে’: কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ১৪৪ ধাৰা জাৰি ৷ বানৰ আশংকাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা বা ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ঘন্টাত ৪০ কি:মি: ৰতকৈ অধিক বেগত যানবাহন চলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ তদুপৰি কাজিৰঙাৰ ধাৱা সমূহত গধূৰ যানবাহন ৰখোৱা, চোকা অস্ত্ৰ লৈ ৰাষ্ট্ৰীয় উদ্যানৰ কাষত চলাফিৰা কৰাটো নিষেধ কৰিছে প্ৰশাসনে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *