কাজিৰঙাত যাত্ৰীৰ স্ক্ৰীনিং চেণ্টাৰ স্থানান্তৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ মে’: গোলাঘাট জিলাত কভিড-১৯ ৰ পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পূৰ্বতকৈ অধিক কঠোৰ হৈছে গোলাঘাট জিলা প্ৰশাসন ৷ ইতিমধ্যে চৰকাৰী অতিথিশালাসমূহৰ বাদেও নতুনকৈ কেইবাটাও কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰিছে বোকাখাত মহকুমা প্ৰশাসনে ৷ নামনিৰ পৰা উজনিলৈ যোৱা যাত্ৰীসকলৰ জিৰণিৰ ব্যৱস্থা কৰা হৈছে কাজিৰঙাৰ গেলেকী খেলপথাৰত ৷ স্ক্ৰীনিং কৰা সময়ত যাতে যাত্ৰী সকলে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে আটকধুনীয়া কৈ নিৰ্মাণ কৰা হৈছে জিৰণি চৰা । উল্লেখ্য, পূৰ্বতে কাজিৰঙাৰ কহঁৰা চাৰিআলিত থকা স্বাস্থ্য বিভাগৰ স্ক্ৰীনিং কেন্দ্ৰত যাত্ৰী সকলে ৰ’দে-বৰষুণে থাকি স্ক্ৰীনিং কৰাব লগা হৈছিল । সেইবাবে এতিয়াৰে পৰা গেলেকীৰ জিৰণি কক্ষত স্ক্ৰিনিং কৰা হব বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷ আনহাতে উজনিলৈ যোৱা বাছসমূহক প্ৰশাসনৰ এছকৰ্ট ব্যৱস্থাৰে লৈ যোৱা হব বুলি জনাইছে চিকিৎসকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *