কাজিৰঙাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয় হব গোলাঘাট জিলাৰ দ্বিতীয়খন কভিড-১৯ চিকিৎসালয়

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৬ মে’: গোলাঘাট জিলাৰ দ্বিতীয়খন কভিড-১৯ চিকিৎসালয় হিছাপে কাজিৰঙাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয় খন ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগৰ সঞ্চালক ৰথীন্দ্ৰ ভূঞাঁই মঙলবাৰে কহঁৰাৰ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি এই ঘোষণা কৰে ৷ উল্লেখ্য, গোলাঘাট জিলাত বৃদ্ধি পোৱা কভিদ আক্ৰান্ত সংখ্যাৰ বাবে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ ৷ সঞ্চালক ভূঞাই মন্তব্য কৰা মতে, গোলাঘাটৰ চিকিৎসালয়ত ১২০ জন ৰোগীৰহে চিকিৎসা কৰাৰ ব্যৱস্থা আছে কিন্তু ইতিমধ্যে চিকিৎসালয়খনত ৮০ জনৰো অধিক ৰোগীক ভৰ্তি কৰোৱা হৈছে ৷ গতিকে পৰবৰ্তী সময়ত কহঁৰা বেজা বৈষ্ণৱ চিকিৎসালয়ত কৰোণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হব ৷ চিকিৎসালয়খনত ৩৫ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰা যাব বুলি সঞ্চালক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *