কেন্দ্ৰীয় জল আয়োগৰ তথ্যৰ আধাৰত আজি পুৱা উজনিত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠৰ প্ৰতিবেদন :

উত্তম শইকীয়া, বোকাখাত, ২৬ মে’ ২০২০ : ৰাজ্যত কভিড ১৯ ৰ সংক্ৰমন অভাৱনীয় ভাৱে বৃদ্ধি পোৱাৰ সময়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠও যেন ওফন্দি উঠিছে ৷ কেন্দ্ৰীয় জল আয়োগে আজি পুৱা দিয়া তথ্য মতে অৰুনাচলৰ ইংকিয়ং, বলেং আৰু পাচিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷ অঞ্চলটোত অহা ২৮ মে’ পৰ্যন্ত বৰষুণৰ সম্ভাৱনাও আছে ৷ অৰুণাচলৰ পৰা নামি অহা জলপৃষ্ঠই ইতিমধ্যেই প্লাৱিত কৰিছে নামনিৰ ডিব্ৰুগড়, নিমাতীঘাট আৰু ধনশিৰিমুখ ৷ অৰুণাচলৰ ইংকিয়ংত যোৱা নিশা ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ০.৫৬ মিটাৰ বৃদ্ধি পাইছে ৷ যাৰ বাবে নামনিৰ স্থানসমুহত বিগত সময়চোৱাত পানী বাঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷
কেন্দ্ৰীয় জল আয়োগৰ আজি পুৱাৰ তথ্য মতে –
ডিব্ৰুগড়ত :
ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই সংকেত সীমা অতিক্ৰম কৰিছে ৷ যোৱা নিশাত ডিব্ৰুগড়ত জলপৃষ্ঠ ০.১৮ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ আজি দিনৰ ভাগত জলপৃষ্ঠ ০.০৮ মিটাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
নিমাতীঘাট :
২৫ মে’ ৰ বিয়লিৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই নিমাতীঘাটত বিপদসীমা অতিক্ৰম কৰিছে ৷ আজি পুৱা নিমাতীঘাটত জলপৃষ্ঠ বিপদসীমাৰ ০.৬৮ মিটাৰ ওপৰেদি বৈ আছে ৷ অহা ১২ ঘন্টাত নিমাতীঘাটত পানী আৰু বঢ়াৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় জল আয়োগে জনাইছে ৷
ধনশিৰিমুখ :
যোৱা নিশাৰ ভিতৰত ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.৭৪ মিটাৰ বৃদ্ধি পাইছে ৷ ধনশিৰিমুখত জলপৃষ্ঠই সংকেতসীমা অতিক্ৰম কৰিছে ৷ সম্প্ৰতি জলপৃষ্ঠ বিপদসীমাৰ ০.৫৫ মিটাৰ তলেৰে বৈ আছে ৷ আজি দিনৰ ভাগত ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিলেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমোৱাৰ সম্ভাৱনা আছে ৷
নুমলীগড় :
নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ বিপদসীমাৰ বহু তলত আছে যদিও যোৱা নিশাৰে পৰা ধীৰ গতিত জলপৃষ্ঠ বৃদ্ধি পাইছে ৷ যোৱা নিশা ধনশিৰি নদীৰ জলপৃষ্ঠ ০.২৮ মিটাৰ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় জল আয়োগৰ তথ্যত প্ৰকাশ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *