কাজিৰঙাত নাৰকীয় ঘটনা। অবৈধ মাতৃত্ব ঢাকিবলৈ গাঁত খান্দি পুতি থলে গৰ্ভজাত সন্তানক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ মে’: অবৈধ মাতৃত্ব ঢাকিবলৈ কাজিৰঙাত এগৰাকী যুৱতীয়ে সংঘটিত কৰিলে এক নাৰকীয় ঘটনা ৷ নিজ গৰ্ভজাত সন্তানক গাঁত খান্দি পুতি থলে গোপনে ৷ গৰ্ভজাত সন্তানটি মৃত জন্ম হোৱা বুলি যুৱতীগৰাকীয়ে দাবী কৰাৰ বিপৰীতে সন্তানটি জন্মৰ পাছতে যুৱতীগৰাকীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ কাজিৰঙাৰ ৰঙাজানত সংঘটিত হ’ল এই হৃদয় বিদাৰক ঘটনা । ঘটনাৰ কিছুদিনৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত উত্তেজনাৰ সৃষ্টি হয় ৰঙাজান অঞ্চলত ৷ যুৱতী গৰাকীয়ে প্ৰকাশ কৰা মতে দৰঙৰ জনৈক আলি নামৰ এজন ব্যক্তিয়ে তেওঁৰ সৈতে একাধিকবাৰ শাৰীৰিক সমন্ধ স্থাপন কৰাৰ ফলত যুৱতীগৰাকীয়ে গৰ্ভধাৰণ কৰে ৷ গৰ্ভধাৰণ সন্দৰ্ভত আলি উপাধিৰ ব্যক্তি জনক যুৱতীগৰাকীয়ে অৱগত কৰাত আলিয়ে গৰ্ভপাতৰ দৰৱ খাবলৈ কৈ কথাটো আন কাৰোবাক ক’বলৈ মানা কৰে ৷ যুৱতী গৰাকীৰ মতে দৰৱ খোৱাৰ পাছত তেঁও এটি মৃত সন্তান জন্ম দিয়ে ৷ জন্মৰ পাছত সন্তানটোক পৰিয়ালৰ কোনোৱেই নজনাকৈ গাঁত খান্দি পুতি থয় ৷ ঘটনাৰ সন্দৰ্ভত যুৱতী গৰাকীয়ে কহঁৰা আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি দণ্ডাধীশৰ উপস্থিতিত গাঁত খান্দি মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে নৱজাতকটিৰ ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ লগতে এজাহাৰত উল্লেখ কৰা অভিযোগ মৰ্মে আলি উপাধিৰ লোক জনক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে আটছাৰ কাজিৰঙা আঞ্চলিক শাখাই সমগ্ৰ ঘটনাৰ উচিৎ তদন্তৰ দাবী জনাইছে ৷ আটছাৰ অভিযোগ, যুৱতী গৰাকীয়ে নিজ হাতে সন্তানটিক হত্যা কৰি পুতি থৈছে । নিজ সন্তানক হত্যা কৰি পুতি থোৱা যুৱতী গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ প্ৰশাসনক দাবী জনাইছে আটছাই ৷ জানিব পৰা মতে, নৱজাতকটিৰ হত্যাৰ অভিযোগ উত্থাপিত হোৱা যুৱতী গৰাকীয়ে পূৰ্বতেও অবৈধ সম্পৰ্ক লিপ্ত হোৱাৰ পাছত দুবাৰকৈ গৰ্ভপাত কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলি ওপাধিৰ অভিযুক্তৰ পৰিয়ালে যুৱক জনৰ ওপৰত মিছা অভিযোগ অনা বুলি যুৱতী গৰাকীৰ বিৰুদ্ধে কহঁৰা আৰক্ষীক এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে ডি এন এ পৰীক্ষাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *