জি আই এইছ এম (GIHM), গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া কেৰিয়াৰ কৰ্মশালা সম্পন্ন

নিউজ ডেস্ক, ,কাজিৰঙা লাইভ , ২৪ মে’ : উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট (www.gatewayihm.com), চমুকৈ জি আই এইছ এম(GIHM), গুৱাহাটীৰ উদ্যোগত “Career Counselling Seminar in Hotel Management” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা ২৩ মে’ তাৰিখে অনুষ্ঠিত হয় । সন্ধিয়া ৬.৩০ বজাৰৰ পৰা ৮ বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই । শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালিকা তুলিকা হাজৰিকাৰ লগতে শিক্ষক- শিক্ষয়ত্ৰীসকলও কৰ্মশালাত উপস্থিত থাকে । ড° বুঢ়াগোহাঁয়ে ” হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজী”ৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পয্যায়ত কেনেধৰনৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব , সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে । আগলৈও এনেধৰনৰ বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাত অংশ গ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৪০০০ এই দুটা ফোন নম্বৰ অথবা ই-মেইল gihm.ghy@gmail.com ত যোগাযোগ কৰিব পাৰিব বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ কতৃপৰ্ক্ষই জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *