কাজিৰঙাত পাঁচ মাহত চাৰিটাকৈ ঢেকীয়াপতিয়া বাঘৰ মৃত্যু

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ মে’: চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পাঁচ মাহৰ ভিতৰতে চাৰিটাকৈ ঢেকীয়াপতিয়া বাঘৰ মৃত্যু হৈছে ৷ উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে মৃত্যুৰ কাৰণ পাৰস্পৰিক যুঁজ । কিন্তু ঘটনাস্থলীতে পশু চিকিৎসকে মৃত বাঘক কৰা মৰোণোত্তৰ পৰীক্ষাৰ ভিত্তিত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মৃত্যুৰ কাৰণ সন্দৰ্ভত প্ৰকাশ কৰি অহা তথ্যক সহজ ভাবে ল’ব পৰা নাই কাজিৰঙাৰ একাংশ লোকে ৷ স্থানীয় লোকৰ মতে ঘটনাস্থলীতে পশু চিকিৎসকে কৰা মৰোণোত্তৰ পৰীক্ষাৰ ভিত্তিত উদ্যান কৰ্তৃপক্ষই বাঘৰ মৃত্যুৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্য সকলো সময়তে গ্ৰহণযোগ্য নহয় ৷ কিয়নো বৰ্তমানৰ পৰিস্থিতিত মৃত বাঘৰ নমুনা পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ প্ৰয়োজন আছে ৷ কাৰণ কোনো ৰোগাক্ৰান্ত বাঘৰ দুৰ্বলতাৰ বাবেও আন বাঘৰ আক্ৰমণত মৃত্যু হোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে উদ্যান কৰ্তৃপক্ষৰ প্ৰতি স্থানীয় লোকৰ আহ্বান মৃত বাঘৰ নমুনা যদি পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছে তাৰ তথ্য প্ৰকাশ কৰক ৷ নতুবা বাঘ মৰিলে বাহ্যিক পৰীক্ষাতে সীমাবদ্ধ নাৰাখি পৰীক্ষাগাৰত পৰীক্ষাৰ ব্যৱস্থা কৰক ৷ অন্যথা গম নোপোৱাকৈ যদি বাঘ কোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে তেন্তে ভৱিষ্যতৰ দিনত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে ৷ উল্লেখযোগ্য, চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰী আৰু ৯ এপ্ৰিলত কহঁৰা বনাঞ্চলত মুঠ ২ টা, ১০ মে’ত বাগৰি বনাঞ্চলত এটা বাঘৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত শেহতীয়াকৈ ২২ মেত বুঢ়াপাহাৰ বনাঞ্চলত এটা বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *