কাজিৰঙাত দুমাহত তিনিটা বাঘৰ মৃত্যু।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ মে’: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলত শুকুৰবাৰে এটা বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ এদিনৰ পূৰ্বে মৃত্যু হোৱা মতা ঢেকীয়াপতিয়া বাঘটোৰ মৃতদেহটো বুঢ়াপাহাৰ বনাঞ্চলৰ জনতা বনশিৱিৰ এলেকাৰ জনতা টঙীৰ নাতিদুৰতে বনকৰ্মীয়ে উদ্ধাৰ কৰে ৷ দুবছৰীয়া এই মতা বাঘটো পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ৷ বাঘৰ মৃতদেহটো ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিয়ম অনুসৰি ঘটনাস্থলীতে দাহ কৰা হয় ৷ বিগত দুটা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা বাঘৰ মৃত্যু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *