কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকে নদীত স্নান কৰাকলৈ আতংক কাজিৰঙাত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ মে’: কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ শিথিল ব্যৱস্থাই আতংকৰ সৃষ্টি কৰিছে কাজিৰঙাত ৷ স্থানীয় লোকৰ অভিযোগ কোৱাৰেন্টাইন কেন্দ্ৰৰ সোপা-ঢিলা নিৰাপত্তা ব্যৱস্থাই বিপদ কঢ়িয়াই আনিব পাৰে স্থানীয় লোকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ উল্লেখযোগ্য, কাজিৰঙাৰ চৰকাৰী পৰ্যটন নিবাসৰ লগতে একাংশ ব্যক্তিগত পৰ্যটন নিবাস কোৱাৰেন্টাইন কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ ইতিমধ্যে পৰ্যটন বিভাগৰ বনশ্ৰী,অৰণ্য আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিথি শালাত কোৱাৰেন্টাইন কৰা হৈছে বহু সংখ্যক লোকক ৷ কিন্তু বনশ্ৰী পৰ্যটন নিবাস আৰু গ্ৰামোন্নয়ণ বিভাগৰ অতিথিশালাৰ পৰা একাংশ লোক ওলাই আহি দাঁতি কাষৰীয়া জনবসতি অঞ্চলত চলা-ফিৰা কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷ আন একাংশৰ অভিযোগ কোৱাৰেন্টাইনত থকা একাংশই কাষতে থকা কহঁৰা নদীত স্নান কৰিছে ৷ এজন মাত্ৰ আৰক্ষী বিভাগৰ লোকে গ্ৰামোন্নয়ণ বিভাগৰ অতিথি শালাটো ৰখীয়াৰ দায়িত্ব পালন কৰিবলগা হোৱাত অতিথি শালাটোৰ পাছফালেদি ওলোৱা সোমোৱা কৰিছে কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোক সকলে ৷ অৱশ্যে মংগলবাৰে সংঘটিত এই ঘটনাৰ পাছত আতংকিত স্থানীয় লোকে কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা জনবসতি এলেকালৈ আহ-যাহ কৰা পথত বাঁহ বান্ধি পথটোকেই বন্ধ কৰি দিছে । আনহাতে কৰ্তব্যৰত আৰক্ষীৰ মতে কেন্দ্ৰত থকা লোক সকলে আৰক্ষীৰ নিৰ্দেশকো অৱজ্ঞা কৰি বাৰে বাৰে ওলাই অহাৰ চেষ্টা কৰিছে যদিও তেওঁলোকক বাধা প্ৰদান কৰা হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *