কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰত পুনৰ দুজন ক’ভিড ১৯ পজিটিভ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ মে’: কাজিৰঙাৰ অৰণ্য লজ কোৱাৰেন্টাইন কেন্দ্ৰত সোমবাৰে দুজন যুৱক Covid 19 পজিটিভ চিনাক্ত হোৱাৰ পাছত মঙলবাৰে পুনৰ দুজন লোক Covid 19 আক্ৰান্ত বুলি চিনাক্ত হয়। লোক দুজন বোকাখাতৰ কলাখোৱাৰ মনোৱাৰ হুছেইন আৰু বাবুল আলি বুলি জানিব পৰা গৈছে। জানিব পৰা মতে মঙলবাৰে চিনাক্ত হোৱা যুৱক দুজনে তবলিকী জামাতত অংশ গ্ৰহন কৰি হাৰিয়ানাৰ পৰা নিজ গৃহলৈ উভতি আহিছিল ৷অভিযোগ মতে বোকাখাতত উপস্থিত হৈ নিজ গৃহত আত্মগোপন কৰি আছিল লোক দুজনে ৷পাছত আত্মগোপনৰ খবৰ বোকাখাত প্ৰশাসনে লাভ কৰাত তৎপৰতাৰে কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *