কহঁৰাত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোকক প্ৰশংসা যাত্ৰীৰ। গোলাঘাট জিলাৰ সকলো প্ৰৱেশ পথত নাই যাত্ৰীক পৰীক্ষা কৰা ব্যৱস্থা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ মে: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা অসমৰ বিভিন্ন প্ৰান্তৰ লোক সকল ৰেলেৰে আহি অসমত উপস্থিত হোৱাৰ লগতে বহিঃৰাজ্যৰ পৰা বাছেৰেও আহিও উপস্থিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ একাংশ লোক । গুৱাহাটীৰ পৰা নামনি অসমলৈ অহা লোকসকলক কোনো জিলাত প্ৰৱেশ কৰোঁতে কৰা হোৱা নাই স্বাস্থ্য পৰীক্ষা, লগতে লোৱা হোৱা নাই কোনো তথ্য । মাত্ৰ গোলাঘাট জিলাত প্ৰৱেশ কৰা সময়ত কহঁৰাত আৰক্ষী আৰু স্বাস্থ্য কৰ্মীয়ে কৰিছে পৰীক্ষা ৷ দেওবাৰে দিল্লীৰ পৰা চুবুৰীয়া ৰাজ্য মণিপুৰৰ লগতে গুৱাহাটীৰ পৰা উজনি অসমলৈ যাত্ৰী লৈ একাধিক বাছ আৰু ব্যক্তিগত বাহন উপস্থিত হ’ল কাজিৰঙাত ৷ ৰাজ্যত ব্যক্তিগত যানবাহন চলাচলৰ অনুমতি দিয়াৰ পাছৰ পৰাই যান-বাহনৰ দীঘলীয়া শাৰী দেখা গ’ল কাজিৰঙাৰ কহঁৰাত ৷ উজনিৰ দিশে যোৱা প্ৰতিখন যান-বাহনৰ পৰীক্ষাৰ লগতে গোলাঘাট জিলাৰ যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষাকে আদি সকলো কৰা দেখা গ’ল দিনে-নিশাই ব্যস্ত হৈ থকা আৰক্ষী তথা স্বাস্থ্য বিভাগৰ লোক সকলক ৷ তাৰপাছতে চুবুৰীয়া ৰাজ্য সমূহলৈ অহা বাচৰ বাবেও তৎপৰতা বৃদ্ধি পাইছে এই সকল কৰোনা যোদ্ধাৰ । তাৰ মাজতো নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি হাঁহি মুখে কৰ্তব্য পালন কৰি দেশৰ বাবে সেৱা আগবঢ়াই আহিছে এই সকল অক্লান্ত সৈনিকে ৷ একাংশ যাত্রীয়ে কাজিৰঙাৰ কহঁৰাত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ কৰ্তব্য পৰায়ণতাক শলাগ লোৱাৰ লগতে আন জিলাত প্ৰৱেশৰ সময়ত কোনো পৰীক্ষা নকৰাকলৈ ক্ষোভ উজাৰে । আনকি গোলাঘাট জিলাত উজনিৰ দিশৰ পৰা অহাৰ সময়ত কোনো পৰীক্ষা নকৰাৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰি গোলাঘাট জিলালৈ অহাৰ পথটো কোনোধৰণৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা নথকাৰ কথা উল্লেখ কৰাটো অতিশয় স্পৰ্শকাতৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *