কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰত কভিড ১৯ প’জিটিভ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ মে’: কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰত কভিড ১৯ প’জিটিভ ৷ বহিঃৰাজ্যৰ পৰা আহি কাজিৰঙাত কোৱাৰেন্টাইনত থকা দুই ভাতৃৰ দেহত ক’ৰোণা ভাইৰাছৰ উপস্থিতি আজি নিশ্চিত হয় ৷ জানিব পৰা ম’তে, যোৱা ১৬ মে’ত গোলাঘাট মেৰাপানী নিৱাসী দুই ভাতৃদ্বয় উৎপল বৰা আৰু ৰূপম বৰা বহিঃৰাজ্যত থকা অন্যান্য সকলৰ দৰে চেন্নাইৰ পৰা আহি অসমত চৰকাৰী নিৰ্দেশনা অনুসৰি কাজিৰঙাৰ কহঁৰাত উপস্থিত হয় ৷ যোৱা ১৪ মে’ত চেন্নাইৰ পৰা ৰেল যোগে অসমলৈ অহা দুই ভাতৃক কাজিৰঙাত উপস্থিত হোৱাৰ পাছতে কহঁৰাৰ অৰণ্য পৰ্যটন নিৱাসৰ ১০৯ নং আৰু ১১০ নং কোঠাত কোৱাৰেন্টাইন কৰা হয় ৷ ইয়াৰ পাছতে কোৱাৰেন্টাইনত থকা অন্যান্য সকলৰ দৰেই দুয়োৰে তেজৰ বিভিন্ন নমুনা সংগ্ৰহ কৰি চিকিৎসাকৰ্মী সকলে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইয়াৰ ফলাফল ক’ভিড ১৯ প’জিটিভ হোৱাৰ লগে লগে উৎপল, ৰূপম দুয়োকে ১০৮ সেৱাৰ এম্বুলেন্সেৰে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য, মেৰাপানীৰ চৰাইমাৰী নমাটিৰ নিৰ্মল বৰাৰ বৰপুত্ৰ উৎপল ছবছৰ ধৰি চেন্নাইত আছিল আৰু সৰুপুত্ৰ ৰূপম তিনিমাহ পূৰ্বে চেন্নাইলৈ গৈছিল ৷ সম্প্ৰতি সংবাদ মাধ্যমৰ যোগেদি দুই পুত্ৰ ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ কথা জানিব পাৰি পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ পৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *