কৃষি মন্ত্ৰী সমষ্টিত কিষাণ সন্মান নিধি আঁচনিৰ নামত কেলেংকাৰী। কৃষকৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ অগপ কর্মীৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ মে’: সমগ্ৰ ৰাজ্যতে এতিয়া প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ এই কেলেংকাৰীৰ পৰা বাদ পৰি যোৱা নাই স্বয়ং কৃষিমন্ত্ৰীৰ সমষ্টিও ৷ কৃষিমন্ত্ৰী গৰাকীৰ নিজ সমষ্টিতো চহা কৃষকৰ পৰিবৰ্তে তালিকাত সোমাই পৰিল ভূৱা কৃষকৰ এক দীঘলীয়া তালিকা ৷ উল্লেখ যে কৃষিমন্ত্ৰীৰ বোকাখাত সমষ্টিৰ অন্তগত কাজিৰঙাৰ সম্পুৰ্ণ চাহ-জনগোষ্ঠীয় সম্প্ৰদায়ৰ বসতিপ্ৰধান অঞ্চল গোঁসানীবৰৰ তালিকাত নাম সোমাল একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ ৷ ইফালে উক্ত তালিকাত সন্নিবিষ্ট থকা পঞ্চাশ জন কৃষকৰ অধিকাংশই পথাৰত আজিলৈকে নামি পোৱা নাই বুলি অভিযোগ তুলিছে স্থানীয় কৃষকসকলে ৷ আনহাতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কৃষিমন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ তথা অসম গণ পৰিষদৰ মিণ্টু কলিতা নামৰ এজন পালিনেতাই কৃষকসকলক দিয়া দুহেজাৰ টকাৰ পৰা গুণ্ডাগিৰি দেখুৱাই দাবী-ধমকিৰে প্ৰতিজন কৃষকৰ পৰা পাচশ টকাকৈ সংগ্ৰহ কৰি আহিছে বিগত কিছুদিনৰে পৰা ৷ এইক্ষেত্ৰত স্থানীয় ৰাইজ তথা আটছাৰ নেতৃত্বই স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী গৰাকীয়ে সমগ্ৰ বিষয়টোৰ এক নিৰপেক্ষ তদন্ত কৰাৰ সমান্তৰালভাৱে উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *