কাজিৰঙাৰ দাঁতিকাষৰীয়া গাওঁ আৰু চাপৰিত পশুধনক প্ৰতিষেধক প্ৰদানৰ অভিযান :

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ মে’ : সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যত সম্প্ৰতি কভিড ১৯ আৰু চোৱাইন ফিভাৰৰ সংক্ৰমণে ছানি ধৰাৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণী সমূহলৈ যাতে কোনো ৰোগ সংক্ৰমিত নহয় তাৰ বাবে সদা সতৰ্ক দৃষ্টি ৰাখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷বিগত সময়ছোৱাতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া পশুধনৰ কল্যাণ আৰু বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে ৰোগ প্ৰতিষেধক প্ৰদানৰ কাম কৰি আহিছে ৷ বিগত বৰ্ষবোৰৰ দৰে এই বছৰো ১ মে’ৰ পৰা এই কাৰ্য আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙাত কৰ্মৰত বেচৰকাৰী সংগঠন আৰণ্যক , বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ভূমি আৰু কৰবেট ফাউণ্ডেচনৰ সহযোগত আৰম্ভ কৰা পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ইতিমধ্যেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলত সম্পুৰ্ণ হৈছে ৷ বোকাখাত বনাঞ্চলত দাঁতি কাষৰীয়া গাওঁৰ পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযানেৰে ব্ৰহ্মপুত্ৰ নদীৰ ৫ টা চাপৰি আৰু ৩ খন গাওঁৰ মুঠ ৩,৩৭৬ টা গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰে ৷ বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ বিশেষ সহযোগত বোকাখাত বনাঞ্চলৰ ভক্তে চাপৰিত ২৪২ টা, গাভৰু চাপৰিৰ ৭২৭ টা লালুং চাপৰিৰ ৭৪৪ টা, বিলতীয়া চাপৰিৰ ৩৬৬ টা, চহলা গাওঁৰ ৪২১ টা , শিশুবাৰীৰ ৫২২ টা আৰু ধোবাআটি গাওঁৰ ৩৫৪ টা গৰু ম’হক প্ৰতিষেধক প্ৰদানৰ কাম সমাপ্ত কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ নদীৰ চাপৰি বোৰত নিশা কটাই প্ৰতিষেধক প্ৰদানৰ কাম সম্পাদন কৰা দলটোত বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ ডা৹ জানমনি শ্যাম, ডা৹ চৈয়দ মেহতাজ, ডা৹ বিশ্বজিত বৰুৱা, ডা৹ প্ৰনিতা কোঁৱৰ, ডা৹ দেৱব্ৰত ফুকন, ডা৹ অম্লান ফুকন আৰু দীপজ্যোতি হাঞ্চেৰ লগতে বিভাগটোৰ ক্ষেত্ৰ সহায়ক, গোপাল মিত্ৰ আৰু মৈত্ৰী সেৱক সকলে সহযোগ কৰে ৷ সমন্বয়ক হিচাবে দলটোৰ নেতৃত্ব দিয়ে গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন তথা বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়াই ৷ জনসাধাৰণৰ পশুধন কল্যানৰ বাবে সম্পৃৰ্ণ বিনামুলীয়াকৈ কৰা এই প্ৰতিষেধক প্ৰদানৰ বাবে বিশ্ব প্ৰকৃতি নিধিৰ তৰফৰ পৰা ঔষধৰ যোগান ধৰা হয় ৷ ট্ৰায়’ ভেক নামৰ এই ঔষধে জহৰ বাত , গল ফুলা আৰু নামৰ ৰোগৰ পৰা পশুধনক প্ৰতিৰক্ষা দিব বুলি বিভাগীয় তথ্যত প্ৰকাশ ৷ উল্লেখ্য যে ২০১৭ চনৰ পৰা ধাৰাবাহিক ভাৱে কাজিৰঙাৰ কাষৰীয় গাওঁ আৰু চাপৰিবোৰত এই অভিযান চলাই আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷ ইয়াৰ দ্বাৰা কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাই নহয় দাঁতি কাষৰীয়া গাওঁৰ জনসাধাৰণৰ পশুধনো সংক্ৰমিত ৰোগৰ পৰা সুৰক্ষিত হৈছে বুলি জনাইছে কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *