পত্নীৰ চিকিৎসাৰ বাবে গৈ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ অজিত শইকীয়াৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ মে: পত্নীৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আজি কিছুসময়ৰ পূৰ্বে মৃত্যুক সাৱটি ললে বোকাখাত নিবাসী অজিত শইকীয়াই ৷ উল্লেখ্য যে, যোৱা ১০ মে’ত বোকাখাত নিবাসী অজিত শইকীয়াই পত্নী বন্তি শইকীয়াৰ লগতে চুবুৰীয়া যুৱক কংকণজ্যোতি বৰাক লৈ দিল্লীলৈ যাত্ৰা কৰিছিল। একেটা চুবুৰীৰে বন্তি শইকীয়া কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ বাবেই তেওঁলোকক সহায় কৰিবলৈ লগত গৈছিল কংকণ ৷ কিন্তু দিল্লীত বন্তি শইকীয়াক কৰ্কটৰোগৰ চিকিৎসা কৰি থকাৰ সময়তে তিনিওজন কৰ’ণাত আক্ৰান্ত হয় ৷ যোৱা ২৯ এপ্ৰিল তাৰিখে তিনিওকে দিল্লীস্থিত ৰাজীৱ গান্ধী চুপাৰ স্পেছিয়েলিটি হস্পিতালত ভৰ্তি কৰোৱা হয় ৷ তাতেই উক্ত চিকিৎসালয় খনত প্ৰায় ১৫ টা দিন চিকিৎসাধীন হৈ থকাৰ পাছত ১৪ মে’তাৰিখে বন্তি শইকীয়া আৰু কংকণজ্যোতি বৰাক কৰ’না মুক্ত বুলি চিকিৎসকে ঘোষণা কৰি চিকিৎসালয় খনৰ পৰা যাবলৈ দিয়ে যদিও অজিত শইকীয়া উক্ত চিকিৎসালয়খনতে চিকিৎসাধীন হৈয়ে আছিল আৰু কিছুসময়ৰ পূৰ্বে দিল্লীত চিকিৎসাধীন অৱস্থাত অজিত শইকীয়াৰ মৃত্যু হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *