৬৭ বছৰৰ পাছত পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতলৈ আহিল বেদখল মুক্ত ২৯৭ হেক্টৰ ভূমি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ মে’: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সুদীৰ্ঘ প্ৰায় ৬৭ বছৰৰ পাছত পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতলৈ আহিল বেদখল মুক্ত ২৯৭ হেক্টৰ ভূমি ৷ তিনিমাহৰ পূৰ্বে জৰীপ সম্পন্ন হোৱাৰ পাছত বুধবাৰে নগাঁও জিলাৰ কলিয়াবৰ মহকুমা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক পুনৰ ওভতাই দিয়ে ১৯৫৩ চনতে কাজিৰঙা ৰাষ্টীয় উদ্যানৰ পৰা ৰাজহ বিভাগলৈ হস্তান্তৰ হোৱা ২৯৭ হেক্টৰ বেদখলীৰ কৱলত থকা ভূমি ৷ উল্লেখযোগ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০১৬ চনত উচ্ছেদ কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বান্দৰডুবি আৰু দেউচুৰৰ জনবসতি পূৰ্ণ অঞ্চল ৷ কলিয়াবৰ মহকুমা এলেকাধীন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ২৯৭ হেক্টৰ ভূমিত বেদখলৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ে বেদখল মুক্ত কৰাৰ নিৰ্দেশ দিয়ে চৰকাৰক ৷ সেই মৰ্মে ২০১৬ চনত এলেকাটোত বসতি স্থাপন কৰি থকা লোক সকলক উচ্ছেদ কৰে প্ৰশাসনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে ১৯০৫ চনৰ পৰা ১৯৫৩ চনলৈকে এলেকাটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত আছিল ৷ কিন্তুু পৰৱৰ্তী কালত সামাজিক বনানিকৰণৰ পাছত ৰাজহ বিভাগলৈ হস্তান্তৰ কৰা হয় ৷ তাৰপাছতেই বিভিন্ন কাৰ্য-কলাপৰ মাজেৰে আৰম্ভ হয় জনবসতি ৷ ২০১৬ চনত ডিফলু নদীৰ পৰা দেউপানী নদীলৈকে বেদখল মুক্ত কৰাৰ পাছত পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পন কৰে প্ৰশাসনে ৷ আনহাতে ২০১৬ চনত উচ্ছেদৰ পাছতে জনশূন্য হৈ পৰা এলেকাটোত বিচৰণ আৰম্ভ হয় বন্যপ্ৰাণীৰ ৷ সম্প্ৰতি বিশাল এলেকাটোৰ মনোৰম দৃশ্য হৈ পৰিছে চালে চকুৰোৱা ৷ বনবিভাগে এই এলেকাটোত বিচৰণ কৰা বন্যপ্ৰাণীৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭ম আৰু ৮ম সংযোজিত এলেকাটো পৰ্যটকৰ বাবে উন্নীত কৰা হ’ব বুলি জানিবলৈ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *