বোকাখাতৰ নাপিত সকলক হেণ্ড চেনিটাইজাৰ, বহী-কলম বিতৰণঃ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ মে: বোকাখাত মহকুমা চেলুন সন্থাই আজি সদস্য সকলৰ মাজত হেণ্ড চেনিটাইজাৰ, বহী-কলম বিতৰণ কৰে । ৰাজ্য চৰকাৰে ইতিমধ্যে নাপিত সকলক ঘৰত গৈ দাড়ি-চুলি কটা অনুমতি প্রদান কৰিছে যদিও সৰ্তকতামূলক ব্যবস্থা হিচাপে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু ভ্ৰমণ বুৰঞ্জী লিখি ৰাখিবলৈ নিৰ্দেশ দিছে ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি সন্থাই সদস্য সকলক হেণ্ড চেনিটাইজাৰৰ লগতে বহী-কলম প্ৰদান কৰে । সভাপতি অসীম বৰুৱাই আঁত ধৰা চমু সভাত প্ৰায় ৩০গৰাকী নাপিতক সামগ্রী প্ৰদান কৰা হয় । বোকাখাতৰ মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ৰণোন্ময় ভৰদ্বাজ, জে, ডি, এছ,জি মহাবিদ্যালয়ৰ প্ৰবক্তা সুবোধ বৰা, জ্যোষ্ঠ্য সাংবাদিক ভবানন্দ কলিতা আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে । সহকাৰী আয়ুক্ত ৰণোন্ময় ভৰদ্বাজে কয় যে, অনলাইন সেৱা হিচাপে তেওঁ লোকে সেৱা আগবঢ়াব পাৰে । মহকুমা প্ৰশাসনৰ পৰা সহযোগিতা আগবঢ়োৱা হব ।

Leave a Reply

Your email address will not be published. Required fields are marked *