বেজৰ নাকত খৰ, বোকাখাতত ভূৱা ফাৰ্মাচিষ্টৰ দপদপনি, নিৰ্বিকাৰ মহকুমা প্ৰশাসন,স্বাস্থ্য বিভাগ

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ,১ জুন : এফালে কৰোনাৰ আতংক আনফালে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্যৰ লগতে বোকাখাতৰ একাংশ ফাৰ্মাচিয়ে হেতালি খেলিছে সৰ্বসাধাৰণৰ জীৱনক লৈ ৷ উল্লেখ্য যে, ২০১৫ চনত অসম ফাৰ্মাচিষ্ট কাউঞ্চিলে অসমত অবৈধ ভাৱে ব্যৱসায় চলোৱা প্ৰায় ৬০০০ ভূৱা ফাৰ্মাচিষ্টৰ ওপৰত দিছপুৰ থানাৰ যোগেদি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল ৷ এই গোচৰৰ ভিত্তিত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে অসমৰ প্ৰায় ১৮০০ ৰো অধিক ভূৱা ফাৰ্মাচিষ্টৰ তালিকা মুকলি কৰাৰ লগতে তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল উচ্চ ন্যায়ালয়ে ৷ সেই অনুসৰি অসম ফাৰ্মাচিষ্ট কাউঞ্চিলে বিগত ফেব্ৰুৱাৰী মাহত ১৮০০ ভুৱা ফাৰ্মাচিষ্টৰ পঞ্জীয়ন বাতিল কৰিছে। কিন্তু ইয়াৰ পাছতো বহু ফাৰ্মাচি ভুৱা ফাৰ্মাচিষ্টে ব্যৱসায় চলাই আহিছে বুলি মত প্ৰকাশ অসম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট এছচিয়েচনৰ ৷ বোকাখাত মহকুমাতো এনে ধৰণে চলি আছে বহু ফাৰ্মাচি ৷ মানুহৰ জীৱনক লৈ হেতালি খেলা এনে ভূৱা ফাৰ্মাচিষ্ট সমুহৰ বিৰুদ্ধে উচিত তদন্ত কৰি ব্যৱস্থা লবলৈ অসম ফাৰ্মাচিষ্ট কাউঞ্চিলক দাৱী জনাইছে
অসম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট এছচিয়েচনৰ গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়া হেমন্ত হাজৰিকাই ৷ বোকাখাতৰ ভুৱা ফাৰ্মাচিষ্ট অজিত কুমাৰ মজুমদাৰৰ পঞ্জীয়নত ৰাম কৃষ্ণ মেডিকেল আৰু বিষ্ণু ঘোষৰ পঞ্জীয়নত প্ৰফুল্ল মেডিকেল চলি আহিছে। আনহাতে ফেব্ৰুৱাৰী মাহতে নিৰ্দেশনা দিয়াৰ পাছতো চাৰি-পাচঁ মাহ ফাৰ্মাচি চলাই থকাৰ কথা স্বীকাৰ কৰিছে বোকাখাতৰ ৰামকৃষ্ণ মেডিকেল কৰ্তৃপক্ষৰ লগতে প্ৰফুল্ল মেডিকেল কৰ্তৃপক্ষই । উল্লেখ্য যে বোকাখাত অসামাৰিক চিকিৎসালয়ৰ সন্মুখতে অবৈধভাৱে ফাৰ্মাচিষ্ট বিহীন ফাৰ্মাচীৰ অবৈধ ব্যৱসায় চলায় আছে প্ৰফুল্ল মেডিকেল নামৰ ফাৰ্মাচী খনে ৷ বোকাখাত চহৰৰ মাজ মজিয়াৰ লগতে মহকুমাধিপতি কাৰ্যালয়ৰ সমীপতে বছৰ বছৰ ধৰি অবৈধ ভাৱে ফাৰ্মাচী চলাই অহা ফাৰ্মাচিষ্টে কয় যে বৰ্তমানলৈকে তেওঁলোকে অসম ফাৰ্মাচিষ্ট কাউঞ্চিলৰ পৰা কোনোধৰণৰ নিৰ্দেশনা পোৱা নাই, যাৰ বাবে তেওঁলোকে ফাৰ্মাচী সমূহ চলাই আহিছে ৷ এতিয়া প্ৰশ্ন হয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ক’ৰণা মহামাৰীৰ সময়ত জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা এনে ভুৱা ফাৰ্মাচিষ্ট তথা ফাৰ্মাচীৰ গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা লব ৰাজ্যৰ স্বাস্থ্য বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *