পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টিত শতাধিক গাহৰিৰ মৃত্যু। গা লৰা নাই বিভাগীয় মন্ত্ৰী আৰু আমোলাৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ মে: পশুপালন মন্ত্ৰী অতুল বৰাৰ নিজা সমষ্টিতে গাহৰি পালকৰ বিলৈ। এসপ্তাহত ৫৩ টা গাহৰিৰ মৃত্যুৰ পাছত সৰ্বশ্ৰান্ত হৈ মূৰে কপালে হাত দিছে পশু পালকে। ঘটনাৰ এটাসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো আজিকোপতি গা লৰা নাই মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্মচাৰীৰ। জানিব পৰা মতে, অসম চৰকাৰৰ পশুপালন মন্ত্ৰী অতুল বৰাৰ নিজৰ সমষ্টি বোকাখাতত গাহৰি পালনেৰে স্বাৱলম্বী হ’বলৈ প্ৰয়াস কৰা একাংশ নিৱনুৱা যুৱক বৰ্তমান হতাশাত ভুগিব লগিয়া হৈছে ৷ মহামাৰী ৰূপত বিয়পি পৰা ছোৱাইন ফিভাৰৰ সংক্ৰমনৰ ফলত এটাৰ পাছত এটাকৈ গাহৰিৰ মৃত্যু হোৱাৰ পাছত ভৱিষ্যতক লৈ শংকাত ভুগিছে যুৱক সকল ৷ বোকাখাতৰ ধোৱাৱাতি বেলগুৰি গাঁৱৰ যুৱক বিৰু বড়িৰ মতে তেওঁৰ ফাৰ্মত থকা ৮১ টা গাহৰিৰ ৫৩ টাৰ ইতিমধ্যে মৃত্যু হৈছে ৷ তাৰ পাছতো পশু চিকিৎসা বিভাগে কোনো তৎপৰতা নল’লে। চকুৰ পৰা পানী ওলোৱাৰ লগতে কাঁহি কাঁহি অধিক সংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ পাছত শেহতীয়াকৈ চিকিৎসকে আহি মৃত গাহৰি পৰীক্ষা কৰে ৷ কিন্তু পৰীক্ষাৰ ৰিপৰ্ট আজিলৈকে নাপালে ভুক্তভোগীয়ে ৷ ইফালে তেওঁ জনোৱা লক্ষণ সমূহৰ অনুসৰি এইয়া আফ্ৰিকান চোৱাইন ফিভাৰ বুলি সন্দেহ কৰা হৈছে। ধুৱাৱাতি বেলগুৰি গাঁৱত প্ৰায় শতাধিক গাহৰিৰ এই ৰোগত মৃত্যু হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ সাত শ মিটাৰ দূৰত এই ৰোগত গাহৰিৰ মৃত্যুয়ে ভাবুকি কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় উদ্যান খনলৈ। আনহাতে, গাহৰি মৰাৰ পাছত বেঙ্কৰ ঋণ উভোটাই দিয়াকলৈ চিন্তাত পৰিছে বিৰু বড়িৰ লগতে স্থানীয় পশুপালক সকল ৷ বোকাখাত নগৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰত্বত শতাধিক গাহৰিৰ মৃত্যু হোৱাৰ পাছত এতিয়া চৰকাৰৰ পৰা সহায় বিচাৰিছে ভুক্তভোগী সকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *