সমাগত সম্ভাৱ্য বান: কি দৰে প্ৰস্তুতি চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ মে: সমাগত সম্ভাৱ্য বানপানীৰ সময় ৷ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আগতীয়াকৈ তৎপৰতা আৰম্ভ কৰিছে বনবিভাগে ৷ কাৰণ কৰ’নাৰ বাবে সৃষ্টি হোৱা সংকটৰ সময়ত চৰকাৰৰ নীতি নিৰ্দেশনা মানি বানৰ সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ইতিমধ্যে পৰিকল্পনা হাতত লৈছে বনবিভাগে ৷ উল্লেখ্য যে বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ একাংশই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰতে থকা হাইলেণ্ড সমূহত আশ্ৰয় লয় ৷ কিন্তু অধিকাংশ বন্যপ্ৰাণীয়েই ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি আংলং জিলাৰ পাহাৰলৈ ধাৱমান হয় ৷ গতিকে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিবলগীয়া হয় ৷ পূৰ্বতে এনে কামৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ বনকৰ্মীক ৰাষ্ট্ৰীয় পথত কৰ্তব্যত নিয়োগ কৰাৰ লগতে স্থানীয় ৰাইজ, জাতীয় সংগঠন, প্ৰকৃতি প্ৰেমী সংস্থা আদিয়ে সহযোগিতা আগবঢ়াই আহিছে ৷ কিন্তু এইবাৰ বান পৰিস্থিতি উদ্ভৱ হ’লেও কৰ’নাৰ সংক্ৰমন ৰোধৰ বাবে চৰকাৰৰ নীতি নিৰ্দেশনাৰ মাজত পূৰ্বৰ দৰে কাম কৰাত যথেষ্ট বাধা আহি পৰিব ৷ গতিকে বনবিভাগে এইবাৰ বানৰ সময়ত ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ বাবে আধুনিক প্ৰযুক্তিক প্ৰাধান্য দিয়াৰ ব্যৱস্থা কৰিছে ৷ ৰাষ্ট্ৰীয় পথটোত বোকাখাতৰ সমীপৰ পানবাৰীৰ পৰা বুঢ়াপাহাৰৰ সমীপলৈকে কৰিডৰ সমূহত ছেনচৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে স্থাপন কৰা হৈছে প্ৰায় ৩০ টা কেমেৰা ৷ এই কেমেৰা সমূহৰ যোগেদি বানৰ সময়ত যান-বাহনৰ গতিবেগ নিৰীক্ষণ কৰাৰ লগতে কোনো যানবাহনৰ খুন্দাত বন্যপ্ৰাণীৰ ক্ষয়-ক্ষতি হ’লে সকলো বন্দী হ’ব কেমেৰাত ৷ তদুপৰি বানৰ সময়ত কিমান সংখ্যক বন্যপ্ৰাণী কাৰ্বি আংলঙলৈ গ’ল আৰু বানৰ পাছত কিমান ঘুৰি আহিল এই সকলো তথ্য লাভ কৰিব পৰা যাব কেমেৰাৰ যোগেদি ৷বন বিভাগে ইতিমধ্যে প্ৰশাসন, স্থানীয় দল সংগঠন সমূহক লগত বেলেগে বেলেগে এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *