বোকাখাত মহকুমা প্ৰশাসনৰ দ্বাৰা মহকুমাটোৰ চিকিৎসাকৰ্মীসকলক সম্বৰ্ধনা। কভিড-১৯ মহামাৰী প্ৰতিৰোধ যুদ্ধৰ প্ৰতিগৰাকী সেনানীলৈ মহকুমাধিপতিৰ ধন্যবাদ জ্ঞাপন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ মে: বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত কোভিড-১৯ মহামাৰী প্ৰতিৰোধত অতন্দ্ৰ সেনানীৰ ভূমিকা পালন কৰা চিকিৎসক,নাৰ্চ তথা চিকিৎসাকৰ্মীসকলক এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকীলৈ একোখন মাস্ক আৰু একোটাকৈ হেণ্ড চেনিটাইজাৰ লগতে কলম- পেড উপহাৰ স্বৰূপে প্ৰদান কৰে মহকুমাধিপতি বিবেক শ্যামে । এই সম্বৰ্ধনা কাৰ্য্যসূচীত মহকুমাধিপতি বিবেক শ্যামদেৱে মহামাৰীৰ এই সময়ছোৱাত অবিৰতভাবে সেৱা আগবঢ়োৱা সকলো চিকিৎসক-নাৰ্চ, চিকিৎসাকৰ্মী , প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু সাংবাদিকলৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সবল নেতৃত্বত ৰাজ্যখনে মহামাৰীৰ কোভিড-১৯ ৰোধ কৰিবলৈ সক্ষম হব বুলিও তেওঁ উল্লেখ কৰে। মহকুমাৰ চিকিৎসক, নাৰ্চ তথা চিকিৎসাকৰ্মী সকলক সম্বৰ্ধনা জনাই মহকুমাধিপতি গৰাকীয়ে উপস্থিত ডক্টৰ, নাৰ্চ তথা চিকিৎসাকৰ্মী সকলে কাৰ্য্যক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধা সমূহৰো বুজ লয় আৰু প্ৰশাসন তেওঁলোকৰ সহায়ৰ বাবে সৰ্বদা প্ৰস্তুত বুলিও জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *