কাজিৰঙাৰ বান্দৰডুবিত উদ্ধাৰ হোৱা গঁড় পোৱালি মৃত্যু

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ মে: এটা অবোধ কণমানি ৷ পৃথিৱীৰ পোহৰ ভালকৈ চাবলৈ পোৱাৰ আগতেই চিৰবিদায় ল’লে কণমানিটোৱে ৷জীয়াই থকা দিন কেইটাতো বঞ্চিত হ’ব লগীয়া হ’ল মাকৰ চেনেহৰ পৰা৷ যোৱা ১৯ এপ্ৰিলত কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবি এলেকাত উদ্ধাৰ হৈছিল এই কণমানি গঁড় পোৱালিটো ৷মাকৰ পৰা বিচ্ছিন্ন হৈ পৰা গঁড় পোৱালিটো ৰাষ্ট্ৰীয় পথৰ কাষতে আন জীৱ-জন্তুৰ মাজত দেখা পাই উদ্ধাৰ কৰে বনকৰ্মীয়ে ৷বিচাৰ – খোচাৰ কৰি কণমানিটোৰ মাকৰ কোনো সন্ধান নোপোৱাত পোৱালিটো প্ৰেৰণ কৰা হয় কাজিৰঙাৰ পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ ৷কেন্দ্ৰটোৰ চিকিৎসকে পোৱালিটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও কেইদিনমানৰ পাছতে কণমানি গঁড় পোৱালিটোৰ মৃত্যু হয় ৷ চিকিৎসকৰ মতে , উদ্ধাৰ হোৱাৰ সময়তেই দুই – তিনিদিন মাতৃ দুগ্ধৰ পৰাও বঞ্চিত হৈ আছিল এই দুৰ্ভগীয়া পোৱালিটো ৷ চিকিৎসকে জানিবলৈ দিয়া মতে ,এমাহৰো কম বয়সৰ এই গঁড় পোৱালিটো যথেষ্ট ৰুগীয়া অৱস্থাতো আছিল যদিও যথেষ্ট চেষ্টা কৰাৰ পাছতো তাক সুস্থ কৰিব পৰা নগ’ল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *