সমাজকৰ্মী-অ’ এন জি চিৰ মুখ্য অভিযন্তা লবিধৰ মৰাঙৰ মহানুভৱতা : জন্ম গাঁৱৰ লগতে আন তিনিখন গাঁৱৰ আৰ্তনাত পৰিয়ালক প্ৰদান কৰিলে খাদ্য সামগ্ৰী

কাজিৰঙা লাইভ, মহুৰামুখ, ৩ মে ‘ : ক’ৰোনাৰ আতংক আৰু চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আন জিলাৰ লগতে ৰেড জ’নৰ পৰা গ্ৰীণ জ’নলৈ ঘূৰি অহা গোলাঘাট জিলাৰ গ্ৰামাঞ্চলসমূহত আন আন সমস্যাৰ সমান্তৰালকৈ খাদ্যৰ সংকটে দেখা দিয়া পৰিলক্ষিত হৈছে। জিলাখনৰ বোকাখাত বিধানসভা সমষ্টিৰ দুসুঁতিমুখ গাঁওপঞ্চায়তৰ অন্তৰ্গত বানে ধোৱা কাঞ্চা চাপৰি, গুলুং গাঁও, পাথৰি গাঁও আৰু একেখন পঞ্চায়তৰে নিজৰ জন্ম গাঁও ২ নং ভকত চাপৰিৰ আৰ্তনাত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে সমাজকর্মী, সুসংগঠক তথা ভাৰত বর্ষৰ তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ বৃহৎ প্ৰতিষ্ঠান শিৱসাগৰস্থিত অ’ এন জি চিৰ মুখ্য অভিযন্তা (ড্ৰিলিং) লবিধৰ মৰাঙে। আজি পুৱাই সহধৰ্মিনী-সমাজসেৱিকা ৰময়ন্তী দলে মৰাঙৰ সৈতে জন্মখনত উপস্থিতি হৈ অ’ এন জি চিৰ মুখ অভিযন্তা মৰাঙে শাৰীৰিক দূৰত্ব বজাই গাঁও বাসীৰ লগত মতবিনিময় কৰি আৰ্তনাত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। আনহাতে এগৰাকী সফল পিতৃ হিচাপে পৰিচিত অৰ্থাৎ এজন দণ্ডাধীশ আৰু দুগৰাকী চিকিৎসক সন্তানৰ পিতৃ মুখ্য অভিযন্তা মৰাঙে স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো জন্ম গাঁৱখনৰ লগতে বৃহত্তৰ অঞ্চলতটোৰ বাট-পথৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ নুহোৱা বিষয়টো দুৰ্ভাগ্যজনক বুলি দুখ প্ৰকাশ কৰে। উল্লেখযোগ্য যে অ’ এন জি চিৰ মুখ অভিযন্তা মৰাঙ বৰ্তমান শিৱসাগৰৰ কংকান নগৰৰ স্থায়ী নিবাসী। দূৰত থাকিও জন্ম গাঁৱখনৰ আৰ্তনাত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আৰু মতবিনিয় কৰা জনহিত কাৰ্যক সকলোৱে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *