আফ্ৰিকান চোৱাইন ফিভাৰৰ সজাগতা

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩মেঃ বোকাখাত মহকুমা পশুপালন বিভাগ তথা মহকুমা প্ৰশাসনে যৌথভাবে আজি বোকাখাতৰ বিভিন্ন গাৱত আফ্রিকান চোৱাইন ফিভাৰৰ সজাগতা অভিযান চলায়। বোকাখাতত মহকুমাত ২৯০০০ পোহনীয়া গাহৰি আছে। গাহৰিৰ মৃত্যু হলে কিদৰে পুতিব। ৰোগীয়া গাহৰিক কেনেদৰে ৰাখিব আদি বিভিন্ন বিষয় সন্দৰ্ভত পশুপালন বিষয়া ডাঃ ৰঞ্জিত বৰা, ডাঃ চৈয়দ মেহতাব, কৰ্মচাৰী দ্ৰোণ চেত্ৰী, উজ্জ্বল গগৈ, ৰাজহ বিভাগৰ দেবেন সেনাপতি, জিতেন পেগু আদিয়ে অংশ গ্রহণ কৰে। ধনশিৰিমুখ, বেলগুৰি, বহি খোৱা আদি গাৱত সজাগতা অভিযান চলায়। কহঁৰাৰ শিলডুবি, বৰবিল,হাতীখুলি আদিতো এটা দলে সজাগতা অভিযান চলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *