বোকাখাতত কৃষি মন্ত্রী অতুল বৰাৰ সংবাদ মেলঃ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১ মেঃ বোকাখাতৰ মহকুমাধিপতিৰ সভাগৃহত আজি বোকাখাতৰ স্থানীয় বিধায়ক তথা কৃষি মন্ত্রী অতুল বৰাই এখন সংবাদ মেল সম্বোধন কৰে । সংবাদমেলত বৰাই সদৰি কৰে যে, ল’ক ডাউনৰ সময়ছোৱাত ৪০কোটি টকাৰ পাচলি নষ্ট হলেও সম্প্ৰতি ৯৭ কোটি টকাৰ পাচলি দেশৰ অন্যান্য ৰাজ্যলৈ ৰপ্তানি কৰা হৈছে । ইতিমধ্যে ১১৩কোটি টকাৰ পাচলি ৰাজ্যৰ ভিতৰত বিক্রী হৈছে । ইফালে, গাহৰিৰ ৰোগৰ বাবে তেজৰ নমুনা পৰীক্ষাৰ বাবে ভূপাললৈ বিশেষ বিমানেৰে পঠোৱা হৈছে । তথাপিও ৰাজ্য খনত ২২৪০টা গাহৰিৰ মৃত্যু হৈছে । লগতে কেবাখনো জিলাত গাহৰিৰ মাংস নিষিদ্ধ কৰা হৈছে । আনহাতে চীনৰ পৰা অৰুণাচল হৈ অসমত এই গাহৰি মৃত্যুৰ কাৰক ভাইৰাছ বিধ অহাৰ সন্দেহ কৰা হৈছে । ৰাজ্যৰ কৃষকক ২৬০০০খন ট্ৰেক্টৰ, ১৭০০০০খন পাৱাৰ টিলাৰ দিয়া হৈছে বুলি কৃষিমন্ত্ৰী বৰাই সদৰি কৰা সংবাদ মেলত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, অতিৰিক্ত উপায়ুক্ত খনীন দাস, জনসংযোগ বিষয়া মামুন বৰকটকী উপস্থিত থাকে । তাৰ পূৰ্বে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্র মোদীসহ বিভিন্ন বিভাগৰ বিষয়া সকলৰ সৈতে মন্ত্রী বৰাই আলোচনা কৰে । সংবাদমেলৰ পাছতে বোকাখাতৰ সাংবাদিক সকলক হেন্ড চেনিটাইজাৰো বিতৰণ কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *