বোকাখাতত সাংবাদিকক মাস্ক বিতৰণ বিজেপি দলৰ যুৱ নেতা আকাশ ফুকনৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ এপ্ৰিল: বোকাখাত পৰিদৰ্শন বঙলাত আজি বোকাখাতৰ ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সকলক বোকাখাতৰ সমাজকৰ্মী তথা বিজেপি দলৰ যুৱ নেতা আকাশ ফুকনে উন্নত মানদণ্ডৰ মাস্ক আৰু একোখন ফুলাম গামোচাৰে শুভেচ্ছা জনায় । সাম্প্রতিক ল’ক ডাউন কালছোৱাত কোভিড-১৯ ৰ জৰুৰীকালিনী পৰিস্থিতিত সাংবাদিক সকলে আগবঢ়োৱা সেৱাৰ বাবে ফুকনে ধন্যবাদ জ্ঞাপন কৰে । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, ইমজাৰ সম্পাদক প্ৰদুৎ মহন্ত আদিৰ লগতে প্ৰায় ২০জন সাংবাদিক উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *