কাজিৰঙাৰ কহঁৰাত মাস্ক বিতৰণ এন. জি. অ’. ৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ এপ্ৰিলঃ
চিটিজেন ডেভেলপমেন্ট অৰ্গেনাইজেশ্ব্যন নামৰ এন. জি. অ’. টোৰ কহঁৰাস্থ শাখাৰ টেইলৰিং প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকলে তৈয়াৰ কৰা শতাধিক মাক্স আজি সাধাৰণ ৰাইজৰ মাজত বিতৰণ কৰে ৷ কহঁৰাৰ স্থানীয় আশা কৰ্মী বাসন্তী মানকিৰ যোগেদি প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক ৰমা ঘোষ আৰু তত্বাবধায়ক নিতুল বাউৰীয়ে মাস্কখিনি প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত পুনৰ মাস্ক তৈয়াৰ কৰি বিতৰণৰ ব্যৱস্থা কৰিব প্ৰশিক্ষণ কেন্দ্ৰটিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *