বোকাখাতত কাৰ্যকৰী দণ্ডাধীশৰ বিৰুদ্ধে গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়-ববীয়াৰ বাসগৃহত তালাচীৰ নামত হাৰাশাস্তিৰ অভিযোগঃ মহকুমাধিপতিলৈ স্মাৰকপত্ৰ আগছুৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ এপ্ৰিলঃ ল’কডাউনৰ মাজতে গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ বাসগৃহত এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত এটি দলে ভূৱা তথ্যৰ ভিত্তিত তালাচীৰ নামত হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰুদ্ৰ ছেত্ৰীৰ বোকাখাতৰ বাসগৃহত চলোৱা এই তালাচী ভূৱা তথ্যৰ দ্বাৰা প্ৰভাৱিত বুলি অভিযোগ উত্থাপন কৰি বোকাখাতৰ মহকুমাধিপতিক আজি স্মাৰকপত্ৰ প্ৰদান কৰে গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাই ৷ গোলাঘাটৰ জিলা আগছুৰ সভাপতি সঞ্জীৱ ছেত্ৰী স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি, কালি দিনৰ ভাগত ৰুদ্ৰ ছেত্ৰীৰ বোকাখাতৰ বাসগৃহত ভুল তথ্যৰ ভিত্তিত কোনো অনুসন্ধান নোহোৱাকৈ মদ বিছাৰি অভিযান চলাই বোকাখাতৰ সংগুপ্তা অঞ্জুম চহেলী নামৰ কাৰ্যকৰী দণ্ডাধীশ গৰাকীৰ নেতৃত্বত এটা দলে ৷ আৱকাৰী পৰিদৰ্শক দেৱজিৎ দেউৰীসহ দণ্ডাধীশ গৰাকীৰ নেতৃত্বত যোৱা দলটিয়ে ছেত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰি তালাচীৰ নামত আচবাব-পত্ৰ লণ্ড-ভণ্ড কৰে ৷ স্মাৰক পত্ৰখনত লগতে সংলগ্ন গোঁসাই ঘৰত সোমাই লণ্ড-ভণ্ড কৰি পৰিয়ালটিৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে বুলি অভিযোগ উত্থাপিত কৰিছে ৷ সিমানতে ক্ষান্ত নাথাকি অভিযানকাৰী দলটোৱে ছেত্ৰীৰ গেলামাল দোকানত সোমাই তালাচী চলাই একো নাপাই ছেত্ৰীৰ ষাঠিৰ উৰ্ধৰ পিতৃক বিভিন্ন অজুহাত দেখুৱাই থানালৈ লৈ যায় ৷ তদুপৰি, অভিযানকাৰী দলটোৱে ছেত্ৰীৰ এছ. বি. আই. সেৱা কেন্দ্ৰত সোমাই দ্ৰয়াৰ ল’কাৰ খুলি সমস্ত কালেকশ্ব্যনৰ সমস্ত টকা লণ্ড-ভণ্ড কৰি থৈ যায় ৷ সন্মানীয় পদত থকা ছাত্ৰ নেতা জনৰ ঘৰত অভিযানকাৰী দলে কোনো সঠিক তথ্য নোলোৱাকৈ তালাচীৰ নামত সম্পাদন কৰা কাৰ্যক গৰিহণা দি স্মাৰকপত্ৰত উল্লেখ কৰে যে কোনো অসাধু চক্ৰই ভুল তথ্যৰে প্ৰশাসনক বিপথে পৰিচালিত কৰিছে ৷ ইফালে, একে গাঁৱৰে আন এজন ব্যক্তিৰ ঘৰতো কিছুদিন পূৰ্বে এনে অভিযান চলোৱাৰ কথা উল্লেখ কৰি আগছু গোলাঘাট জিলা সমিতিয়ে দাবী কৰে যে, এয়া কোনো অসাধু চক্ৰৰ কু-অভিসন্ধি ৷ ছাত্ৰ নেতা গৰাকীৰ স্বচ্ছ সামাজিক ভাৱমূৰ্ত্তিক লাঘৱ কৰাৰ অপচেষ্টা চলোৱা এই অসাধু চক্ৰটিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমাধিপতিক আহ্বান জনাই আগছুৱে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *