বাৰিষা সমাগত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে তৎপৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ এপ্ৰিল: বাৰিষা সমাগত ৷ সমান্তৰাল ভাৱে আহিল বানৰো সম্ভাৱনা ৷ এনে সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ পৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছা । পিছে তাছাৰ এই তৎপৰতাই বিভ্ৰান্তিৰহে সৃষ্টি কৰিছে কাজিৰঙাত ৷ জানিব পৰা ম’তে, সাম্ভাব্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । সাজু কৰা হৈছে হাত নাঁৱৰ লগতে স্পীড ব’ট সমূহ ৷ এনে সময়তে কেন্দ্ৰই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অতিৰিক্ত ছটা হাইলেণ্ড নিৰ্মানৰ বাবে ধন আৱন্তন দিয়াক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷ উল্লেখ্য, কেন্দ্ৰই বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে আৰু ছটা হাইলেণ্ড নিৰ্মানৰ পুঁজিৰ অনুমোদন দিছে। সাংসদ কামাখ্যা প্ৰসাদ তাছাই কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ যাৱেদকাৰক কৰা অনুৰোধ মৰ্মে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কাজিৰঙাত এক সংবাদ মেলত সদৰি কৰে সাংসদ তাছাই । কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু অন্য হাইলেণ্ড ক’ত নিৰ্মাণ কৰা হ’ব তাকেলৈ বিবুদ্ধিত পৰিছে উদ্যান কৰ্তৃপক্ষ ৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্য ১৪৪ টা হাইলেণ্ড নিৰ্মাণ কৰা হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগত আৰু অধিক হাইলেণ্ড নিৰ্মাণে ৰাষ্ট্ৰীয় উদ্যান খনৰ জৈৱ-বৈচিত্ৰতাত ক্ষতি কৰিব পৰাৰ সম্ভাৱনা আছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ পৰা জানিব পৰা গৈছে ৷ সঞ্চালক গৰাকীৰ মতে প্ৰতিবছৰে বানত হাইলেণ্ডত হোৱা খহনীয়াৰ ফলত হাইলেণ্ডৰ মাটিয়ে জলাশয় বিলাক বাম কৰি পেলাব ৷ আনহাতে তৃণভূমি আৰু আৰ্দ্ৰ ভূমিৰো ক্ষতি কৰিব বানে উটুৱাই নিয়া হাইলেণ্ডৰ খহনীয়াৰ মাটিয়ে । অৱশ্যে ইয়াৰ পাছতো যদি কেন্দ্ৰই ধন দিয়ে সেই ধনেৰে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰা ওলাই অহা বন্যপ্ৰাণী সমূহে আশ্ৰয় ল’ব পৰাকৈ হাইলেণ্ড নিৰ্মান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই । ৩২ কিমি দৈৰ্ঘৰ এই হাইলেণ্ডে কাজিৰঙাত ২৫ কি:মি,লাওখোৱাত ২ কি:মি আৰু ৰাষ্ট্ৰীয় উদ্যান খনৰ উত্তৰ দিশত ৫ কি:মি সাঙুৰি নিৰ্মাণ কৰা হ’ব ৷ ইফালে, বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণীৰ লগত সংস্পৰ্শলৈ ঘৰচীয়া জন্তুৰ পৰা যাতে কোনো ৰোগৰ সংক্ৰমণ হ’ব নোৱাৰে তাৰবাবে আনবছৰৰ দৰে ঘৰচীয়া জন্তু বিলাকক প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ তদুপৰি, কাজিৰঙা ৩৭ নং ৰাষ্ট্ৰীয় পথত গধুৰ যান-বাহনৰ চলাচল কম কৰিবলৈ কাজিৰঙা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ বিকল্প হিচাবে ডিব্ৰুগড়ৰ পৰাই ৫২ নং ৰাষ্ট্ৰীয় পথেৰে গধুৰ যান-বাহন চলাচলৰ ব্যৱস্থা কৰিবলৈ কামাখ্যা প্ৰসাদ তাছাই চৰকাৰক জনোৱা অনুৰোধ চৰকাৰে বিবেচনা কৰিছে বুলি সংবাদ মেলত সাংসদ তাছাই প্ৰকাশ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed